জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

জাতিৰ পিতা মহাত্মা গান্ধী (mahatma gandhi)ৰ আজি 151 বছৰীয়া জন্মজয়ন্তী৷ তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম  জনাইছো৷

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information  in Assamese


তেখেতৰ বিষয়ে বহু কথা শুনিছে (mahatma gandi information) যদিও তেখেতৰ সুস্বাস্থ্যৰ দুটামান কথা আগবঢ়ালো৷ তেখেতৰ পদপথ অনুসৰণ কৰিলে আপুনালোকেও নিশ্চয় উদ্যমী আৰু ৰোগ প্ৰতিৰোধ কৰাৰ শক্তি আহৰণ কৰিবলৈ সক্ষম হব৷


উল্লেখযোগ্য যে, তেখেতৰ মৃত্যুৰ সময়ত ওজন আছিল 46.7 কিলোগ্ৰাম৷ তেওঁৰ 70 বছৰ বয়সত BMI আছিল 17.1 ৷ যিতো বিশেষজ্ঞসকলৰ মতে এয়া " কম ওজন" বুলি কোৱা হয়৷


মহাত্মা গান্ধীৰ স্বাস্থ্যসম্বন্ধীয় তথ্য কেইটিমানঃ-mahatma gandhi information in Assamese


১) ভাৰতীয় আয়ুবিজ্ঞান অনুসংধান পৰিষদ (ICMR) ৰ বৈজ্ঞানিকসকলে অনুসন্ধান কৰি পাইছে যে,মহাত্মা গান্ধী (mahatma gandhi)ৰ হাইপাৰটেনছন অৰ্থাৎ উচ্চৰক্তচাপ আছিল৷ কিন্ত্ত যিহেতু তেওঁ খোজকাঢ়িছিল সেয়ে তেওঁৰ উচ্চৰক্তচাপ নিয়ন্ত্ৰন হৈ আছিল৷ সেই সময়ত উচ্চৰক্তচাপৰ বাবে কোনো ধৰণৰ ঔষধ নাছিল৷ তেওঁ সেয়ে আয়ুৰ্বেদিক ঔষধ হিচাপে "সৰ্পগন্ধা" ব্যৱহাৰ কৰিছিল  বুলি বৈজ্ঞানিকসকলে কয়৷


২) গান্ধীয়ে মানিছিল যে, অহিংসা কেৱল মানৱতাৰ ৰক্ষাৰ হেতুকে প্ৰয়োজন নহয়, অহিংসাবাদী হলে খং, ৰাগ পৰিহাৰ কৰিব পাৰি আৰু মগজু শান্ত থাকে৷ 


৩) মহাত্মা গান্ধী (mahatma gandhi)য়ে কেৱল 4-5 ঘন্টাহে শুইছিল আৰু সূৰ্য্য উদয় হোৱা আগেয়ে উঠিছিল৷ মুকলি বতাহত তেওঁ ব্যায়াম কৰিছিল। 


৪) গান্ধীয়ে মানিছিল যে, ব্ৰত বা উপবাসে থকাতো স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ আয়ুৰ্বেদ অনুসৰিও এজন ব্যক্তিয়ে সপ্তাহত এবাৰ ব্ৰত ৰাখিলে পেট চাফা হয় আৰু পেটৰ মেদ কমে ৷


জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information  in Assamese


৫) জাতিৰ পিতাগৰাকীয়ে ৰাগিয়েল দ্ৰৱ্য মদ, চিগাৰেট ইত্যাদি সেৱন  নকৰাৰ পৰামৰ্শ দিছে৷ ৰাগিয়াল দ্ৰৱ্য সেৱনে বহু ৰোগ যেনে - মগজুৰ কেন্সাৰ, হৃদৰোগ, উচ্চৰক্তচাপ, ডায়েবেটিচ ইত্যাদি কাৰণ৷


৬) নিয়মিতভাৱে যোগ আৰু ধ্যান কৰাতো তেওঁৰ সুস্বাস্থ্যৰ আন এটি কাৰন আছিল৷


৭) মহাত্মা গান্ধী (mahatma gandhi)য়ে মানিছিল যে, যেনেকুৱা আমাৰ বিচাৰ হব তেনেকুৱা আমাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাব পৰিব৷ তেওঁ কৈছিল, ইতিবাচক দৃষ্টিভংগীৰে (positive attitude) আমাৰ চিন্তাধাৰা সঠিক ৰখাৰ লগতে আমাৰ কাম কৰাৰ ক্ষমতাকো বৃদ্ধি কৰে ৷


৮) তেওঁ "খোজকঢ়া" ওপৰত গুৰুত্ব দিছিল৷ খোজকাঢ়িলে উদ্যমতা বাঢ়ে, শক্তি বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰো বৃদ্ধি হয়৷ ছাত্ৰ জীৱনত গান্ধীয়ে প্ৰতিদিনে গধূলি প্ৰায় আঠ মাইল খোজকাঢ়িছিল আৰু শুৱা আগেয়েও পুনৰ তেওঁ 30-40 মিনিট খোজকাঢ়িছিল৷


৯) মহাত্মা গান্ধী (mahatma gandhi) নিৰামিষভোজী আছিল৷ লগতে তেওঁ চাহ, কফিও নাখাইছিল৷ তেওঁ যি খাদ্যই গ্ৰহন কৰিছিল অত্যন্ত লাহে ধীৰে চুবাই খাইছিল৷ 


১০) মহাত্মা গান্ধী (mahatma gandhi) য়ে কৈছিল "আমাৰ পেটতো ডাষ্টবিন নহয়,সেয়ে যি তি পেটত নভৰাব, খাদ্য খোৱাৰ আগেয়ে ধ্যান দিব, বিচাৰ কৰিব যে আপুনি কি খাইছে আৰু তাৰ দীৰ্ঘকালীন প্ৰভাৱ কি হব৷"


১১) তেওঁ কৈছিল, আনক আৰু নিজক ক্ষমা কৰিব শিকক৷ গান্ধীয়ে কৈছিল, যিসকল লোক দুৰ্বল তেওঁলোকে আনক কেতিয়াও মাফ কৰিব নোৱাৰে৷ ক্ষমা কৰাতো শক্তিশালী হোৱাৰ পৰিচয়৷ ব্যক্তিৰ মন মগজুত STRESS থাকিলে তাৰ ফলত শাৰীৰিকভাৱেও প্ৰভাৱিত হয়৷ গতিকে, ক্ষমা কৰা গুণ আয়ত্ব কৰিব পাৰিলে ব্যক্তিক খং, অৱসাদ, ক্লান্তি ইত্যাদিৰ পৰাও আঁতৰাই ৰখাত সহায়ক হয়৷


১২) আনৰ প্ৰতি দয়া সহানুভূতি ৰাখিলে ভাল অনুভৱ হয়৷ ইজনে সিজনক বুজি পোৱাত সহায় হয়৷ ইতিবাচক দৃষ্টিভংগী গঢ়ি উঠে৷


১২) জাতিৰ পিতা গৰাকীয়ে তাহানিতে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি সকলোকে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ কৈছিল৷ 


এয়ে আছিল মহাত্মা গান্ধী (mahatma gandhi)য়ে পালন কৰা কিছুমান স্বাস্থ্য সম্পৰ্কীয় নিয়ম। 


সত্য আৰু অহিংসাৰ পথত চলা বাপুয়ে মানুহক তেওঁৰ ব্যক্তিত্বৰ দ্বাৰা বহু কথায়ে শিকাইছিল৷ সেয়ে আজিও এই কাৰণেই তেওঁক পাহৰিব পৰা নাযায়৷ মহাত্মা গান্ধীৰ পথ অনুসৰণ কৰিব নোৱাৰিলেও…  আমি নিজেই নিজৰ পথ তৈয়াৰ কৰিব লাগিব৷  ঠিক যেনেদৰে বাপুয়ে তেওঁৰ পথ তৈয়াৰ কৰিছিল৷ আঁহক মহাত্মা গান্ধীৰ দুটিমান অমূল্য উক্তি,(mahatma gandi quote in Assamese) মূল্যবান চিন্তাভাবনা সোৱাদ লওঁ যি আপনাক জীৱন দৰ্শন কৰাৰ বাবে সহায়ক হব।


জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information  in Assamese


মহাত্মা গান্ধীৰ উক্তি -mahatma gandhi quotes in Assamese



ভুল হয় , ভুল নাশো হয় যেতিয়া তাক শুধৰাই লওঁ। ভুল যেতিয়া চেপি ৰাখে তেতিয়া ফোঁহােৰাৰ দৰেই ফুটি যায় আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰে।”



“নিয়ম বিনে এটা কামাে হ’ব নােৱাৰে। নিয়ম যদি এটা ক্ষণৰ কাৰণেও ভঙ্গ হয়, তেন্তে গােটেই সূৰ্য্য মণ্ডলত তােলপাৰ লাগি যাব।”



“আৱশ্যক নোহোৱাকে প্রয়োজনবোৰ বঢ়োৱা পাপ।” 



“যাৰ চকু ফুটিল তেওঁ অন্ধ নহয়। যি নিজৰ দোষ ঢাকে তেওঁহে অন্ধ।”



“নিজৰ আহাৰ মােকোলাবৰ বাবে কাম কৰিবলৈ ভগৱানে মানুহক সৃষ্টি কৰিছে আৰু , যি কাম নকৰাকৈ আহাৰ খায় সেইসকল হৈছে চোৰ। বছৰটোৰ আধাসময়ছােৱাত ভাৰতৰ শতকৰা আশীজন লোকেই বাধ্য হৈ চোৰ হবলগীয়া হয়। সেইবাবে ভাৰত যে এক বিৰাট বন্দীশাল হ’ব লগীয়া হৈছে সেই কথাত আচৰিত হব লগীয়া নহয়৷ ”



“যি মানুহে যিকোনো এটা কাম একনিষ্ঠাৰে কৰে তেওঁ অৱশেষত সকলাে কার্য কৰিব পৰা শক্তি আয়ত্ত কৰিব।”



“যি নিজত্বক হেৰুৱাইছে তেওঁ সকলো হেৰুৱাইছে। পােনবাট যিমান সৰল সিমান কঠিন। এনে নোহােৱা হ'লে সকলােৱে পােনবাটকে ধৰিলে হেতেন।”



“আমি যদি প্রকৃত জীৱন যাপন কৰিবলৈ বিচাৰোঁ তেন্তে মানসিক অলসতা এৰি আমি মৌলিক বিচাৰ কৰিব লাগিব। পৰিণাম এয়ে হব যে আমাৰ জীৱন বহুতাে সৰল হৈ পৰিব।”



“ মাটিৰ মালিক তেৱেইহে, যি মাটিত মেহনৎ কৰে। প্ৰথমতে কাম, পিছত যদি মূল্য পােৱা যায় তেন্তে কাম যিমান মূল্যও সিমানহে হ'ব। এইয়েই হৈছে পৰমাত্মাৰ সেৱা। প্ৰথমতেই যদি মূল্য বিচাৰো তেন্তে ই হব চয়তানৰহে সেৱা৷”







Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

গুনেৰে ভৰপূৰ নিলাজী বন বা লাজুকী লতা বিভিন্ন ৰোগৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব?- How to use Nilaji bon/Lajuki lata in Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese