ফিজিওথেৰাপি (physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy

লেখক -Dr. Sujeet Kumar(PT), Gopalganj

ফিজিওথেৰাপি(physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy


আধুনিক জীৱনযাত্ৰা, খাদ্য অসতৰ্কতা আৰু দেহৰ খনিজসমূহৰ অভাৱৰ কাৰণে শৰীৰৰ জয়ন্ট অৰ্থাৎ গাঠিসমূহৰ বিষ এটি সাধাৰণ ৰোগত পৰিণত হৈছে।  শীত ঋতুত শৰীৰৰ বহু অংশত বিষ হোৱা দেখা যায়৷ ইয়াক ফিজিওথেৰাপি(physiotherapy) আৰু পেশাগত থেৰাপিৰ জৰিয়তে আৰোগ্য লাভ কৰিব পৰা যায়। 


পোণপ্ৰথমে এজন ব্যক্তিয়ে এনে বিষৰপৰা আৰোগ্য লাভ কৰিবৰ বাবে তেওঁৰ জীৱনশৈলীৰ উন্নতি কৰা উচিত। ৰাতিপুৱা, শৰীৰৰ প্ৰতিটো অংগক পাতল অনুশীলন-ব্যায়ামৰ জৰিয়তে লাহে লাহে পৰিচালিত কৰিব লাগে, যাতে দেহৰ বিভিন্ন অংগৰ জয়েন্টসমূহলৈ ৰক্তসঞ্চাৰ হব পাৰে৷ ইয়াৰফলত শৰীৰৰ জয়েন্টসমূহত বিষ লাঘৱ হোৱাত সহায় কৰে৷ শৰীৰে স্বাচ্ছন্দ্যেভাৱে কাম কাজ কৰিব পাৰে৷ বিছনাৰপৰা সাৰ পাই উঠাৰ লগে লগে দ্ৰুত গতিত খোজকঢ়া বা কাম কাজ কৰা উচিত নহয় আৰু দৌৰা কোনোপধ্যেই উচিত নহয়। কিছুক্ষণ লাহে ধীৰে ৰাতিপু্ৱাৰ প্ৰাত্যহিক কাম কাজ কৰাৰ পিছতহে আপুনি আপুনাৰ শাৰীৰিক গতি বৃদ্ধি কৰিব লাগে।


ফিজিওথেৰাপি (physiotherapy)য়ে কি কৰে? What does a physiotherapy do in Assamese?


ফিজিওথেৰাপি(physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy


ফিজিওথেৰাপি(physiotherapy) এক উন্নতমানৰ আৰু ফলপ্ৰসূ থেৰাপি।  


ফিজিওথেৰাপিয়ে (physiotherapy) ডিঙি বিষ, কান্ধৰ বিষ, কঁকালৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, হাত বা পিঠিৰ বিষৰ (neck pain, shoulder pain, back pain, knee pain, pain in both feet, pain in both hands or back pain) ক্ষেত্ৰত প্ৰচুৰ স্বস্তি দিয়ে৷  ফিজিওথেৰাপি(physiotherapy)ৰ বাবে এটি বিশেষ কক্ষ স্থাপন কৰা হয়। বিষত আক্ৰান্ত ৰোগীৰ ফিজিওথেৰাপি(physiotherapy)ৰ মাধ্যমেৰে চিকিৎসা কৰা হয়। ইয়াৰবাবে শাৰীৰিক অনুশীলন মেছিনসমূহৰ দ্বাৰা কৰা হয়। বহু সময়ত শৰীৰৰ জয়ন্টসমূহত হঠাৎ বিষ হয়।  যি মাজে মাজে অসহনীয় হৈ পৰে। তেনেক্ষেত্ৰত বিষৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈহে খোৱা উচিত।  



কিন্তু অধিক মাত্ৰাত নিজৰ ইচ্ছাৰে ঔষধ সেৱন কৰা উচিত নহয়।  এনে ধৰনৰ বিষৰ ক্ষেত্ৰত অবিলম্বে ফিজিওথেৰাপি(physiotherapy)ৰ চিকিৎসকৰ জৰিয়তে চিকিৎসা কৰা উচিত।  



বহু সময়ত স্বাভাৱিক ব্যায়ামৰ ফলতো শৰীৰৰ জয়ন্টসমূহত বিষৰ কাৰন হব পাৰে।  যদি শৰীৰৰ কোনো অংশত জয়ন্টৰ বিষ হয় তেন্তে স্বাভাবিক অনুশীলন বন্ধ কৰা উচিত। ই বিষ বৃদ্ধিৰ সম্ভাৱনা বঢ়ায় তোলে। 



পক্ষাঘাতৰ আক্ৰমণত (paralysis attack) দেহৰ বহু অংশ কাৰ্যপ্ৰনালী বন্ধ হৈ পৰে। ইয়াক ফিজিওথেৰাপি(physiotherapy)ৰ মাধ্যমেৰে নিৰাময় কৰিব পৰা যায়। 


ফিজিওথেৰাপি(physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy



শৰীৰৰ অসাৰতা বা আৰ্থ্ৰাইটিচ (arthritis), চায়াটিকাৰ(sciatica) দৰে ৰোগ ফিজিওথেৰাপি (physiotherapy)ৰ মাধ্যমেৰে নিৰাময় হয়। 



কেতিয়াবা দুৰ্ঘটনাবশত হাড় ভাঙে (fractures)৷  তেনেক্ষেত্ৰত প্লাস্টাৰ হোৱাৰ পিছত হাড় জোৰা লাগে, কিন্তু জয়ন্টসমূহৰ লৰচৰ কৰা সময়ত বিষ কৰে। ইয়াৰবাবে, ফিজিওথেৰাপি(physiotherapy) চিকিৎসা কাৰ্যকৰী৷ 



ফিজিওথেৰাপি(physiotherapy)ৰ মাধ্যমেৰে এই সহজেই চিকিৎসা কৰিব পৰা যায়। শিশুৰ অক্ষমতা বা বিকলাংগতা (disability) চিনাক্ত কৰিবপৰা হলে ফিজিওথেৰাপি(physiotherapy)ৰ মাধ্যমেৰে নিৰাময় কৰিব পৰা যায়। পাঁচ বা ছয় বছৰৰ ভিতৰত শিশুৰ যদি স্বাভাৱিক খোজকঢ়া, কথাকোৱা বা চিধাকৈ ঠিয় হোৱাত যদি স্বাভাৱিক দেখা নাযায় তেতিয়া ফিজিওথেৰাপি(physiotherapy)ৰ ডাক্তৰৰ লগত যোগাযোগ কৰিব দেখোৱা উচিত।  শিশুদেৰ মাজত যদি কোনো ধৰণৰ অক্ষমতা দেখা যায় তাক সংশোধন কৰিব পৰা যায়।


আৰু পঢ়কঃ প্ৰাকৃতিকভাৱে মূৰবিষ নিৰাময় কৰক ১৪ টা উপায়েৰে- Home Remedies for Headache 

ৰোগীয়ে শুধা কিছুমান প্ৰশ্নঃ  FAQ


ফিজিওথেৰাপি(physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy


প্ৰশ্ন: ফিজিওথেৰাপি(physiotherapy)য়ে কেনেধৰনৰ মানসিক অসুস্থতা সম্পৰ্কীয় অক্ষমতাৰপৰা মুক্তি দিয়ে?


উত্তৰ:  শিশুকালত যদি শিশুৰ মাজত এনেধৰনৰ লক্ষণসমূহ দেখা যায় আৰু সময়মতে চিকিৎসা আৰম্ভ নকৰে তেন্তে শাৰীৰিক অক্ষমতা লগতে মানসিক অক্ষমতাৰ পৰা বাচিব পাৰি৷ ফিজিওথেৰাপি (physiotherapy)ৰ দ্বাৰা এজন ব্যক্তিৰ প্ৰতিটো অঙ্গৰ ব্যাধি নিৰাময় কৰিব পৰা যায়৷



প্ৰশ্ন: মুখৰ পক্ষাঘাত (Paralysis of the mouth) হলে ফিজিওথেৰাপি (physiotherapy)ৰদ্বাৰা নিৰাময় সম্ভৱনে?



উত্তৰ: মুখৰ পক্ষাঘাত বা শৰীৰৰ যি কোনো অংশৰ পক্ষাঘাত ফিজিওথেৰাপি (physiotherapy)ৰ দ্বাৰা নিৰাময় সম্ভৱ।  ইয়াৰবাবে নিয়মিত কিছু দিন অৱিচ্ছিন্নভাবে ফিজিঅথেৰাপী চিকিৎসা কৰা হয়।



প্ৰশ্ন: হাঁত আৰু কঁকাল বিষত ফিজিঅথেৰাপীৰ দ্বাৰা আৰোগ্য হয়নে? এই চিকিৎসা কত উপলব্ধ?



উত্তৰ: ফিজিওথেৰাপি (physiotherapy) হাঁত আৰু কঁকাল বিষত প্ৰচুৰ স্বস্তি দিয়ে। ইয়াৰ বাবে  "Physiotherapy Clinic" ত চিকিৎসাৰ সুব্যৱস্থা থাকে৷



প্ৰশ্ন: ফিজিওথেৰাপি (physiotherapy)য়ে স্নায়ুজনিত সম্পৰ্কিত (Vein-associated diseases) ৰোগসমূহৰপৰা  মুক্তি দিয়েনে?



উত্তৰ: ফিজিওথেৰাপি (physiotherapy)ত স্নায়ুজনিত ৰোগৰ লগত যুক্ত বিষৰপৰা আৰোগ্য লাভ কৰি পৰা যায়। ইয়াত ফিজিওথেৰাপি (physiotherapy)ৰ লগতে ঔষধো দিয়া হয়।



প্ৰশ্ন: দুৰ্ঘটনাৰ কাৰণে হাত ভাঙি যোৱাৰ পিছত প্লাস্টাৰ কৰা হাড় জোৰা হৈছিল।  তথাপি হাতৰ জয়েন্টসমূহৰ বিষ হয়৷ কিদৰে ঠিক কৰিব পাৰি?



উত্তৰ: দুৰ্ঘটনাৰ পিছত প্লাস্টাৰৰ বাবে কিছু মাহৰ কাৰনে হাত এক স্হানত থাকে। তাৰপিছত প্লাস্টাৰ কটাৰ পিছত, চলাচল কৰাত বিষ অনুভৱ হয়। ইয়াক ফিজিওথেৰাপি(physiotherapy)ৰ মাধ্যমেৰে নিৰাময় কৰিবপৰা যায়।



প্ৰশ্ন:  কিদৰে শৰীৰৰ জয়ন্টসমূহৰ বিষ নিৰাময় কৰিব পাৰি?



উত্তৰ: দেহৰ জয়ন্টসমূহত বিষ বহু কাৰণত ঘটে। ৰোগৰ কাৰণে,আঘাতৰ কাৰণে বিষৰ উৎপত্তি হয়। পৰীক্ষাৰ জৰিয়তে চিকিৎসা আৰম্ভ হয়। ফিজিওথেৰাপি(physiotherapy)য়ে জয়ন্টৰ বিষ নিৰাময় কৰাত কাৰ্যকৰ ভূমিকা গ্ৰহন কৰে।


আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷ কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিয়ে এই ৱেবছাইটৰ সংলগ্ল লিখনি share কৰিলে www.fitassam.xyz ৰ নাম নতুবা পেজৰ url link লগত দিয়ে যেন৷


এই ৱেবছাইটৰ অন্যান্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  - fitassam@gmail.com

নতুবা, Contact কৰিব পাৰে

মোৰ Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)

ধন্যবাদ🙏






Popular Posts

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ - Thyroid Causes, Symptoms and Home Remedies In Assamese

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese