ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…


ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…
মই আৰু মোৰ চুলি

চুলিক সুস্বাস্থ্যৱান কৰি ৰখা আৰু যত্ন লোৱা সহজ নহয়।  যদি কোনোবাই চুলি সৰা বাবে চুলিৰ বিভিন্ন সমস্যাৰ বাবে চিন্তিত তেন্তে এই লিখনিটো পঢ়ি চাব পাৰে।  চুলিৰ বাবে আমলা(amla) বা আমলখীৰ এই ঘৰুৱা প্ৰতিকাৰ (hair care) কাৰ্যকৰ৷  যিহেতু মই বহু বছৰ ধৰি এই উপায় ব্যৱহাৰ কৰি আহিছো গতিকে মই ডাঠি কব পাৰো যে এয়া আপোনালোকৰ বাবেও উপকাৰী আৰু কাৰ্যকৰ হব৷ (hair growth tips)


আমলা(amla) বা আমলখী চুলিৰ বৃদ্ধিৰ বাবে বহু বছৰ ধৰি ব্যৱহৃত হৈ আহিছে।  এই নিবন্ধত আমলখীৰ ব্যৱহাৰ আৰু প্ৰস্তুত প্ৰনালী সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে৷


আমলা ইংৰাজীত indian gooseberry নামেৰে পৰিচিত (amla in english)। ই চুলি আৰু মূৰৰ ত্বকৰ বাবে গুণেৰে ভৰপূৰ৷ চুলিৰ স্বাস্থ্য উন্নত কৰাত আমলা(amla) দীৰ্ঘদিন ধৰি শ্যাম্পু আৰু চুলিৰ তেল(amla oil) হিচাবে ব্যবহাৰ হৈ আহিছে।  চুলিৰ বৃদ্ধি আৰু ৰঙ অটুট ৰক্ষাত আমলা আয়ুৰ্বেদিক পদ্ধতিত হেয়াৰ টনিক হিচাবে ব্যবহাৰ কৰা হয়৷  



চুলিৰ বাবে আমলাৰ উপকাৰিতা- Amla benefits for hair in assamese


ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

1. চুলি বৃদ্ধিত সহায়ক- amla for hair growth- in assamese (Is Amla good for hair growth?- in assamese)


আমলাত ভিটামিন-ই পোৱা যায়। আমলাৰ(amla) ব্যৱহাৰে চুলিৰ ফলিকলচ (hair follicles)ত গ্লুকোজ আৰু অক্সিজেনৰ সৰবৰাহ বঢ়ায়। ইয়াৰ উপৰি আমলায়ে চুলিৰ গ্ৰন্থিত অক্সিডেটিভ স্ট্ৰেসৰ (oxidative stress) প্ৰভাব হ্ৰাস কৰি চুল বৃদ্ধিত সহায়তা কৰিব পাৰে৷ এই ক্ৰিয়াকলাপে চুলি গজাত সহায়তা কৰিব পাৰে।


 2. চুলি সৰা হ্ৰাস - Does Amla stop hair loss? -in assamese


চুলিৰ গ্ৰন্থিকোষত পোৱা ডাৰ্মাল পাপিলা কোষৰ (Dermal Papilla cells) সংখ্যা কম হলে চুলি সৰাৰ সম্ভাৱনা বাঢ় যায়৷ আমলা এক্সট্ৰেক্ট (amla extract) পেপিলা কোষৰ সংখ্যা বঢ়ায় চুলিৰ উন্নতি সাধন কৰে৷ 


3. চুলি বাৰ্ধক্য ৰোধত উপকাৰী-amla for hair aging,amla for grey hair, amla for white hair, amla for hair fall- in assamese


চুলিৰ বাৰ্ধক্য ফলত চুলিৰ texture, চুলিৰ ঘনত্ব আৰু গুন (quality) হ্ৰাস পায়৷ এইক্ষেত্ৰত চুলিৰ বাৰ্ধক্য ৰোধত আমলা সহায় কৰিব পাৰে। আমলা হৈছে চুলিৰ টনিক আৰু ইয়াত ভিটামিন-চি বৈশিষ্ট্য আছে, যি ক’লাজেনক প্ৰভাবিত কৰে আৰু কোষসমূহক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা  ৰক্ষা কৰিব পাৰে।  চুলিৰ বাবে ইয়াৰ নিয়মিত ব্য্হাৰ অকালতে চুলি বগা হোৱাৰ পৰা আৰু চুলিৰ ক্ষতি ৰোধ কৰিব পাৰে। 


ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

4. মূৰৰ ত্বক স্বাস্থ্যকৰ কৰি ৰাখে - amla for hair


আমলায়ে(Amla) মূৰৰ ত্বক সম্পৰ্কিত সমস্যা যেনে খজুৱতি আৰু উফি দৰে সমস্যাসমূহ দূৰ কৰাত সহায়তা কৰেদ শুকনো চুল পড়াৰ প্ৰধান কাৰণ হতে পাৰে৷


5. চুলি ক্ষতিগ্ৰস্থ হোৱাৰ পৰা ৰক্ষা কৰে-amla for hair


আমলাৰ(amla) ত ট্যানিন(tannin) নামৰ এটি উপাদান পোৱা যায়।  এই উপাদানটোৱে চুলিক সূৰ্যৰ প্ৰখৰ ৰ’দ আৰু তাপৰ পৰা ৰক্ষা কৰাত সহায়তা কৰে।


চুলিৰ সুস্বাস্থ্যৰ বাবে আমলা কিদৰে ব্যৱহাৰ কৰিব? How to use amla for hair growth?-in assamese


চুলিৰ বাবে আমলাৰ উপকাৰিতা সম্পৰ্কে আপুনি নিশ্চয় জানিব পাৰিলে৷ এতিয়া আঁহক জানো চুলিত আমলা বা আমলখীৰ প্ৰয়োগ কেনেদৰে কৰিব?


 1. চুলিৰ বাবে আমলা তেল কিদৰে তৈয়াৰ কৰিব? -How to make amla oil for hair? - in assamese/Amla powder and coconut oil for hair in assamese


ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

উপাদান :

  • দুই চা চামুচ আমলা গুঁড়ি বা পাউদাৰ
  • দুই চা চামুচ নাৰিকল বা জলফাই তেল (Olive oil) (Amla powder and coconut oil for hair)


প্ৰস্তুত প্ৰনালী:


‣  লো কেৰাহীত তেল গৰম কৰি আমলা গুঁড়িখিনি দিয়ক।


‣  তেলখিন যেতিয়ালৈকে বাদামী ৰঙৰ হৈ  নাযায় তেতিয়ালৈ তেলখিনি গৰম কৰক৷


‣  তাৰপিছত গেচ বন্ধ কৰি তেলখিনি ঠান্ডা হব দিওক।


‣  যেতিয়া গুড়িখিন তলিত জমা হব তেতিয়া তেলখিনি কাঢ়ি লৈ সংগ্ৰহ কৰক।


‣  কুহুমীয়া অৱস্থাত এই তেলেৰে চুলিৰ গুড়ি আৰু চুলিখিনি লাহে লাহে 15 মিনিটমান মাচাজ কৰক আৰু


‣ আধা ঘন্টাৰ বাবে ৰাখি থওক৷


‣  তাৰপিছত হাৰ্বেল বা চালফেটমুক্ত শ্যাম্পুৰে ধুই পেলাওক৷ 


এনেদৰে সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰিব পাৰে।


উপকাৰিতাঃ


যদি আমলাক(amla) ক নাৰিকল তেলৰ লগত প্ৰয়োগ কৰা হয় (Amla powder and coconut oil for hair) তেন্তে সকলোৱে জানে  যে নাৰিকল তেলেই একমাত্ৰ তেল যি চুলিৰ প্ৰটিনক ৰক্ষা কৰাত সহায় কৰে।  জলফাই তেলে ক্ষতিগ্ৰস্থ চুলি নিৰাময়ত সহায়তা কৰিব পাৰে। ইয়াৰ ব্যৱহাৰৰ ফলত চুলি ফটা আৰু চুলি সৰা সমস্যা হ্ৰাস হয়৷


2. চুলিৰ বাবে আমলা আৰু চিকাকাই - Amla shikakai for hair growth


ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

উপাদান :

  • দুই চা চামুচ আমলা গুঁড়ি বা পাউদাৰ
  • দুই চামুচ চিকাকাই গুঁড়ি বা পাউদাৰ
  • চাৰি চা চামুচ পানী (প্ৰয়োজনঅনুসৰি)

প্ৰস্তুত প্ৰনালী:


‣ এটি বাটিত আমলা, চিকাকাই গুঁড়ি আৰু পানী যোগ কৰি এটি পেস্ট তৈয়াৰ কৰক।

‣ এই পেস্টটো আপোনাৰ মূৰৰ ত্বকত আৰু চুলিত এক হেয়াৰ মাস্কৰ দৰে লগাওক ৷

‣ সম্পূৰ্ণকৈ লগোৱাৰ পিছত 40 মিনিটৰ বাবে শুকাব দিয়ক৷

‣ শুকোৱাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাওক৷


চেম্পু কৰাৰ প্ৰয়োজন নাই যিহেতু চিকাকাই চেম্পুৰ দৰেই চুলি পৰিস্কাৰ কৰি দিয়ে৷

 

এই পেস্ট আপুনি সপ্তাহত এবাৰ  প্ৰয়োগ কৰিব পাৰে।


উপকাৰিতাঃ Is Shikakai good for hair growth?


চিকাকাই, আমলাই চুলি গজাত সহায়তা কৰে৷  চিকাকাইযুক্ত ভেষজ শ্যাম্পুয়েও চুলিৰ বৃদ্ধিক প্ৰৰোচিত কৰিব পাৰে৷ 


3.  চুলিৰ বৃদ্ধিৰ বাবে আমলা গুঁড়ি আৰু ডিম বা  কনী


 উপাদান :

  •  দুটা ডিম
  •  আধা কাপ আমলা গুঁড়ি


প্ৰস্তুত প্ৰনালী:


‣ এটা বাটিত ডিমকেইটা ভালদৰে ফেটি লওক

‣ এতিয়া ডিমকেইটাৰ লগত আমলাৰ গুড়ি মিহলাই ভাল পেস্ট তৈয়াৰ কৰি লওঁক৷

‣  এই পেস্টটো চুলিৰ মাস্ক  হিচাবে আপোনাৰ চুলিত আৰু মূৰৰ ত্বকত লগাওক।

‣  এই মাস্কটো এক ঘন্টাৰ বাবে ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাওক।


সপ্তাহত এবাৰ ব্যৱহাৰ কৰিব পৰা যায়।


উপকাৰিতাঃ


এনচিবিআইৰ উয়েবচাইটত প্ৰকাশিত এটি গবেষণাত দেখা গৈছে, পোল্ট্ৰি ডিমৰ মাজত চুলিৰ বৃদ্ধিৰ পেপটাইড (Hair growth peptide) পোৱা যায়। ই চুলিৰ গ্ৰন্থিকোষসমূহৰ ডাৰ্মাল পেপিলা কোষসমূহৰ বৃদ্ধিক উৎসাহিত কৰি চুলিৰ বৃদ্ধিত সহায় কৰিব পাৰে।  


4. আমলা আৰু জেতুকা পাত বা হেনা পাউদাৰ- How do you make amla powder with henna? -in assamese


 

ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

উপাদান :
  • এক টেবুল চামুচ আমলা গুঁড়ি
  • জেতুকা পাত এমুঠি পিচি লোৱা নতুবা হেনা পাউডাৰ তিনি টেবুল চামুচ
  • চাৰি টেবুল চামুচ গৰম পিনী (প্রয়োজনী হিচাবে)


প্ৰস্তুত প্ৰনালী:


‣ ৰাতি প্লাস্টিক বা কাচৰ বাটি এটাত সমস্ত উপাদান মিহলাই এটি মিশ্রণ প্রস্তুত কৰক।

‣ এই মিশ্রণটি গোটিই ৰাতিটোৰ বাবে থৈ দিয়ক।

‣ এই মিশ্রণটি ৰাতিপুৱা আপোনাৰ চুলি আৰু মূৰৰ ত্বকত লগাওক।  

‣ দুই ঘন্টা এনেদৰে থকা পিছত ধুই পেলাওক৷

‣ পাতল চেম্পু বা চালফেট ফ্রি শ্যাম্পু দি চুলি ধুব পাৰে।


আপুনি এই মিশ্রণটো মাহে এবাৰ প্রয়োগ কৰিব পাৰে।


উপকাৰিতাঃ


চুলিৰ স্বাস্থ্যৰ বাবে হেনা এক উত্তম উপাদান। ইয়াৰ বৈজ্ঞানিক নাম Lawsonia inermis।  হেনা চুলি ৰঙ কৰাৰ বাবে এটি প্রাকৃতিক বিকল্প। (hair care naturally)



5. চুলিৰ বাবে  আমলা আৰু মেথি পাউদাৰ-Amla and fenugreek for hair in assamese/ How use fenugreek powder for hair growth?- in assamese


উপাদান :

  •  দুই টেবুল চামুচ আমলা গুঁড়ি বা পাউদাৰ
  •  দুই টেবুল চামুচ মেথি গুঁড়ি
  • পাঁচ টেবুল চামুচ গৰম বা কুহুমীয়া পানী (প্রয়োজন হিচাবে)


প্ৰস্তুত প্ৰনালীঃ:


‣ ৰাতি প্লাস্টিক বা কাচৰ বাটিত সমস্ত উপাদান মিহলাই মিশ্রণ তৈয়াৰ কৰক।

‣ এই মিশ্রণটি গোটেই ৰাতি ৰাখি থওক।

‣ ৰাতিপুৱা এই মিশ্রণটি আপোনাৰ মূৰৰ ত্বক আৰু চুলিত লগাওক।

‣ 20 মিনিটৰ বাবে ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাওক৷

‣ ইচ্ছা কৰিলে পাতল চেম্পু বা চালফেট ফ্রি শ্যাম্পু দি চুলি ধুব পাৰে।

 আপুনি সপ্তাহত এক বা দুবাৰ এই মিশ্ৰন প্রয়োগ কৰিব পাৰে৷


 উপকাৰিতাঃ


মেথি চুলিৰ ফলিকেলত ৰক্ত ​​চলাচলক উত্তেজিত কৰিব পাৰে।  আমলাৰ লগতে মেথি ব্যবহাৰ কৰিলে চুলিৰ বৃদ্ধি দ্বিগুণ কৰাত সহায়তা কৰে৷ 


 6. চুলিৰ বৃদ্ধিৰ বাবে আমলা আৰু তেজপাত


ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

উপাদান :

  • ডেৰ কাপ তেজপাত
  • ডেৰ কাপ সৰু সৰুকৈ কাটি লোৱা আমলা
  •  এক কাপ নাৰিকল তেল

প্ৰস্তুত প্ৰনালী:

‣ এখন পেনত নাৰিকল তেল গৰম কৰি কটা আমলা আৰু তেজপাত দিওক।

‣ তেল বাদামী নোহোৱা পর্যন্ত গৰম কৰক।

‣ জুই বন্ধ কৰক আৰু তেল ঠান্ডা হব দিওক৷

‣ চেকি লৈ তেলখিনি অলপমান কুহুমীয়া অৱস্থাত চুলি আৰু চুলিৰ গুৰিত লগাওক৷

‣ 15 মিনিটৰ বাবে মাচাজ কৰক৷

‣ তাৰপিছত 30 মিনিটৰ বাবে এনেদৰে ৰাখি পিছত হাৰ্বেল চেম্পুৰে ধুই পেলাওক৷


আশাঁ কৰো আমলা বা আমলখীৰ এই ব্যৱহাৰ প্ৰনালী জানি আপোনালোক উপকৃত হল৷

উপকাৰিতাঃ

নাৰিকল তেল আৰু আমলা ত তেজপাত মিহলাই প্ৰস্তুত কৰা এই তেল চুলিৰ বাবে শক্তিশালী টনিক হিচাপে কাম কৰে৷  ইয়াত এন্টি মাইক্রোবিয়াল, এন্টিইনফ্লেমেটৰি, এন্টিবেক্টেৰিয়েল, এন্টিফাঙ্গাল আৰু এন্টিঅক্সিডেন্ট আছে। ইয়াৰ ব্যৱহাৰ চুলি বৃদ্ধি কৰে, চুলি অকালতে পকা ৰোধ কৰে৷

#Amla_benefits, #amlaki_powder_for_hair, #amalaki_juice_benefits, #amalaki_powder_benefits, #amla, #amla_in_english, #amla_juice_benefits, #amlaoil, #amla_hair_oil, amla_oil_for_hair,  #amlapowder, #amlajuice, #hair_care_routine, #haircare #hair_care_naturally, #hairgrowth, #amla_for_hair_oil


আশাঁ কৰো আমলা বা আমলখীৰ এই ব্যৱহাৰ প্ৰনালী জানি আপোনালোক উপকৃত হল৷

মোৰ স্বাস্হ্য সম্বন্ধীয় অন্য শিতানসমূূূহ এই পেজৰে তলৰ অংশত পাব৷ ধন্যবাদ৷

এই আৰ্টিকলটো ইংৰাজীত পঢ়িবলৈ (Read this article in english)- 6 Different Ways To Use Amla Powder For Hair Problems

Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga