হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms and remedies

হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies


হতাশা বা ডিপ্ৰেছন(depression) এটি মানসিক অৱস্থা যি প্ৰতিজন মানুহে নিজৰ জীৱনকালত কিবা নহয় কিবা ৰূপত কেতিয়াবা নহয় কেতিয়াবা অভিজ্ঞতা অৰ্জন কৰি পাইছে।  তদুপৰি এই দ্ৰুতগতিৰ যুগত এই ৰোগ চৰ্দি-জ্বৰৰ দৰে হব ধৰিছে৷ প্ৰায় 10% জনসংখ্যাত হতাশা ৰোগ হিচাবে দেখা যায়।  বিৰূপ পৰিস্থিতিত মানসিক উত্তেজনা আৰু হতাশা অনুভৱ কৰা স্বাভাৱিক, কিন্তু এই মানসিক অৱস্থা যেতিয়া অনিয়ন্ত্ৰিত হৈ যায় আৰু দীৰ্ঘায়িত হয় আৰু মানসিক বিকৃতি হিচাবে দৈনন্দিন জীৱনত প্ৰভাৱিত কৰিব ধৰে তেতিয়া ইয়াৰ চিকিৎসা কৰা জৰুৰী হৈ পৰে।

এই ৰোগবিধ সকলো বয়সৰ বা শ্ৰেণীৰ (working, non-working, healthy, diseased) যি কোনো ব্যক্তিৰ মাজত দেখা দিব পাৰে। অৱশ্যে এই ৰোগবিধ নিৰাময় কৰিব পৰা যায়৷ কাৰ্যকৰ চিকিৎসা আৰু মনো-বিশ্লেষণৰ মাধ্যমেৰে এই ৰোগ সহজেই নিৰাময় হয়।


হতাশাৰ কাৰণসমূহ - causes of depression- in assamese


হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies

যদিও এই ৰোগবিধ জনসাধাৰণৰ মাজত অত্যাধিক ব্যাপ্ত হব ধৰিছে কিন্তু এতিয়া পৰ্যন্ত ইয়াৰ মূল কাৰণ সম্পৰ্কে কোনো স্পষ্টতা পোৱা নাযায়।  বিজ্ঞানীসকলে বিশ্বাস কৰে যে, এই ৰোগবিধ মনস্তাত্ত্বিক, জিনগত আৰু পৰিবেশগত কাৰণে উৎপন্ন হয়৷

কিছুমান লোকৰ মাজত জন্মগত ভাৱেই হতাশা(depression) পৰিলক্ষিত হয়। তেওঁলোকৰ মস্তিস্কত প্ৰাকৃতিক ৰাসায়নিকসমূহৰ ভাৰসাম্যহীনতা হয়। ইয়াৰ উপৰি, দীৰ্ঘস্থায়ী অসুস্থ ব্যক্তিৰ, ভিডিও গেমচ বা ইন্টাৰনেটৰ অধিক ব্যৱহাৰ কৰা লোকৰ, যিসকল লোকৰ প্ৰিয়জন মৃত্যু হৈছে বা তেওঁলোকৰ লগত থকা সংযোগ বিচ্ছিন্ন হৈ পৰিছে ইত্যাদি আচৰণগত কাৰণত ব্যক্তিৰ হতাশা(depression) বিকাশিত হব পাৰে।


হতাশাৰ লক্ষণ-what depression symptoms- in assamese


হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies

‣ আত্মহত্যাৰ চিন্তা বা বিচাৰ কৰা


‣ আত্মবিশ্বাসৰ অভাৱ 


‣ শূন্যতাৰ অনুভূতি বা অকলশৰীয়া অনুভৱ কৰা


‣ অপৰাধবোধ দ্বাৰা গ্ৰসিত


‣ সামাজিক বিচ্ছিন্নতা আৰু খিংখিঙীয়া প্ৰকৃতি


‣ সিদ্ধান্ত লোৱাত অক্ষমতা


‣ খুব বেছি বা খুব কম শুৱা



আয়ুৰ্বেদ মাধ্যমেৰে হতাশাৰ চিকিৎসা-Treatment Of Depression Through Ayurveda- in assamese



হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies

চাইকোথেৰাপি(psychotherapy)  আৰু ঔষধ উভয়েই এই ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। সাধাৰনভাৱে হোৱা হতাশা(depression) কেৱল চাইকোচিচ (psychosis) দ্বাৰা নিৰাময় কৰিব পৰা যায়। কিন্তু গম্ভীৰভাৱে হোৱা হতাশা ঔষধৰ জৰিয়তে চিকিৎসা কৰা হয়।  এন্টি-ডিপ্ৰেশন মেডিচিনে (Anti-depressant drugs) মস্তিষ্কৰ ৰাসায়নিক ভাৰসাম্যহীনতা সংশোধন কৰে আৰু হতাশাগ্ৰস্হ ব্যক্তিৰ হতাশা নিৰাময় কৰাত সহায়ক হয়৷ আপুনি জানি অবাক হব যে, এই ঔষধসমূহৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কাৰণে ৰোগী আত্মঘাতী চিন্তাভাৱনা আৰম্ভ হব পাৰে  বা আতঙ্কিত বা ভয়লগাৰ দৰে অনুভৱ হব পাৰে।  অন্যান্য বহু পাৰ্শ্ব প্ৰতিক্ৰিয়া এই ঔষধসমূহৰ পৰা হব পাৰে৷


গতিকে, যদি আপুনি আত্মবিশ্বাসক শক্তিশালী কৰাৰ চেষ্টা কৰে আৰু আয়ুৰ্বেদিক ঔষধৰ মূল সিদ্ধান্তসমূহ বুজি লৈ চিকিৎসা কৰে, তেন্তে এই ৰোগৰপৰা মুক্তি পাব পাৰে আৰু স্বাস্থ্যৰ দিশত মনোনিবেশ কৰিব পাৰে।


আয়ুৰ্বেদত এই ৰোগবিধ "বিষাদ ৰোগ" নামে পৰিচিত।  এই অৱস্থাক ৰোগ-কাৰণজনিত ফ্যাক্টৰ (disease-causing factor)বুলিও কোৱা হয়।  এই মনোৰোগ ধীৰে ধীৰে দেহত প্ৰবেশ কৰে, আৰু ব্যক্তিৰ স্বাস্থ্য, সংবদনা, অনুভূতি, সংবদনশীলতা এই সমূহৰ ওপৰত প্ৰভাৱ পেলায়। যেতিয়া হতাশা এক ৰোগৰ ৰূপ লয়, তেতিয়া ইয়াৰ চিকিৎসা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠে।


বিভিন্ন বনৌষধি হতাশা নিৰ্মূল কৰাত কাৰ্যকৰ- Herbs Useful in Treatment Of Depression- In assamese



অশ্বগন্ধা (Withania somnifera): এই ঔষধৰ প্ৰভাৱৰ কাৰণে মনত নেতিবাচক চিন্তাভাৱনা উৎপন্ন হোৱা বন্ধ হৈ যায়৷ ই চিন্তা, উত্তজনা আৰু শাৰীৰিক দুৰ্বলতা পৰা মুক্তি দিয়ে।


ব্ৰাহ্মী (Bacopa monnieri): ইয়াৰ ঔষধীয় গুণাৱলীৰ কাৰণে স্ট্ৰেচ, হতাশাৰ দৰে মানসিক ৰোগ নিৰাময় হয় আৰু স্মৰন শক্তি বিকশিত হয়।  এই ঔষধ মস্তিষ্কৰ কোষসমূহত নতুন শক্তি তৈয়াৰ কৰি মানসিক শান্তি আৰু মনোবল উভয়েই বঢ়াই তোলে।Brahmi depression cure in assamese


হালধী (Curcuma longa): হালধী শাৰীৰিক আৰু মানসিক ব্যাধি প্ৰতিৰোধৰ বাবে এটি আশ্চৰ্যজনক ঔষধ।  বিশেষকৈ, ইয়াৰ প্ৰয়োগ ঋতু পৰিবৰ্তনৰ বাবে  সকলোৰে ক্ষেত্ৰত হোৱা অৱসাদৰ বাবে গুৰুত্বপূৰ্ণ।


গুডুচি (Tinospora cordifolia): এই ঔষধ শক্তিবৰ্ধক আৰু ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি কৰে, স্মৰন শক্তি বিকাশ কৰে৷ 


জটামাসি(Nardostachys jatamansi)


 এই ঔষধৰ সেৱন মানসিক শিথিলতাৰ অনুভূতি দিয়ে। ইয়াৰ গুনাৱলীৰ কাৰনে  ইতিবাচক চিন্তাভাৱনা উৎপন্ন কৰে আৰু  সঠিক দিশত পৰিচালিত কৰে আৰু হতাশাক প্ৰতিৰোধ কৰে।


হতাশাৰ বাবে উপকাৰী ঘৰুৱা প্ৰতিকাৰ- Home Remedies Useful In Depression In assamese


➡ 1 গ্লাচ পানীত 2 টেবুল চামুচ ব্ৰাহ্মী আৰু অশ্বগন্ধা গুঁড়ি মিহলাই  প্ৰতিদিনে গ্ৰহণ কৰক।


➡ গৰম গাখীৰত কিছু পৰিমানে দালচেনী আৰু ইলাচী মিহলাই খাওঁক৷ নতুবা গৰম পায়সত দালচেনী, ইলাচী, কিচমিচ মিহলাই খাওক৷


বাদাম বা তিয়াই ৰখা বাদাম পিচি লৈ গাখীৰত মিহলাই খাওক৷


আখৰুট, বাদাম আৰু কিচমিচ ৰাতি তিয়াই থৈ ৰাতিপুৱা খালে উপকাৰী৷


➡ ঠাণ্ডা, গধুৰ আৰু বাহি বস্তু নাখাব৷


➡ হতাশা বা ডিপ্ৰেছন হলে মদ বা চিগাৰেট বহু লোকে গ্ৰহন কৰে, যাৰ ফলত এই ৰোগ অধিক জটিল হৈ পৰে৷ গতিকে এই ৰাগিয়াল বস্তুৰপৰা আঁতৰত থাকক৷


➡ ৰোগীয়ে সকলো সময়তে কিছু ইতিবাচক কামত  ব্যস্ত থকা উচিত। ই মনক অনৰ্থক চিন্তাভাৱনা পৰা বচায়।


➡ হতাশাগ্ৰস্ত ব্যক্তিক বিভিন্ন সৰল কাম কাজ কৰিবলৈ দিয়ক।  পৰ্যাপ্ত বিশ্ৰাম আৰু ধ্যান পদ্ধতি সহ ধনাত্মক শক্তি (positive power) তৈয়াৰ কৰক।


➡ প্ৰানায়ম আৰু অনুলোম-বিলোম নিয়মিত কৰক৷


➡ ভাললগা শান্ত গান শুনক৷


➡ সাত্বিক ভোজন কৰক৷ যেনে সতেজ আহাৰ, ফলমূল কল, আপেল আদি৷


আয়ুৰ্বেদত ব্যক্তি বিশেষে হোৱা হতাশাৰ উন্নত চিকিৎসাপ্ৰনালী আছে৷ গতিকে কোনো ঔষধ গ্ৰহন কৰা আগে আয়ুৰ্বেদিক বিশেষজ্ঞ লগত পৰামৰ্শ নিতান্তই প্ৰয়োজনীয়৷ 



 


Popular Posts

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? - Medicinal and Other Uses Of Salt in Assamese

তিচিৰ উপকাৰিতা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া (FLEXSEED)