পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

পেটৰ আৰু ককাঁলৰ অতিৰিক্ত মেদ হৈছে বহুতৰ বাবে চিন্তাৰ বিষয়। এই মেদবহুলতাই শাৰীৰিক অবয়ৱক  সুন্দৰ দেখাত বাধা দিয়াৰ লগতে  ই বিভিন্ন ৰোগৰ কাৰণো হব পাৰে।


পেটৰ আৰু ককাঁলৰ অতিৰিক্ত মেদৰ কাৰন -What causes the most belly fat?-in assamese



পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

belly fat causes in assamese


জেনেটিক (Genetic): বৈজ্ঞানিক গবেষণা অনুসৰি শৰীৰৰ কিছু ফেট কোষ জেনেতিকভাবে বা বংশগতভাৱে বৃদ্ধি পায়।  কাৰন পৰিয়ালৰ যদি কোনো সদস্য এই সমস্যাত ভুগিছে তেন্তে পৰবৰ্তী প্ৰজন্মও এই সমস্যাত ভুগিব পাৰে৷



দুৰ্বল হজম প্ৰক্ৰিয়া (Poor gastrointestinal process): বয়স বৃদ্ধিৰ লগে লগে হজম ব্য্স্থাও দুৰ্বল হোৱা আৰম্ভ হয়৷ ইয়াৰ ফলত গ্যাস্ট্ৰোইনটেস্টাইনাল চিস্টেমটোও (gastrointestinal) আক্ৰান্ত হয়। ইয়াৰ কাৰণে পেটৰ মেদ (belly fat) বৃদ্ধি হব পাৰে।


হৰমনৰ পৰিবৰ্তন (Hormone changes): সাধাৰণতে মহিলাসকলৰ হৰমন পৰিবৰ্তন হোৱাতো স্বাভাৱিক৷ সাধাৰনতে মহিলাসকল মধ্যবয়সত (প্ৰায়ে 40 বছৰ বয়সত)  চৰ্বি শৰীৰৰ ওজনৰ তুলনাত দ্ৰুতগতিত বাঢ়িব ধৰে৷ তদুপৰি মেনোপজৰ সময়ত ইস্ট্ৰোজেন(estrogen) হৰমনৰ মাত্ৰা কম থাকে আৰু এন্ড্ৰজেন (androgen) হৰমনৰ মাত্ৰা বেছি থাকে। এই কাৰণেই কঁকাল আৰু পেটৰ চাৰিওপাশে মেদ আৰম্ভ হোৱা দেখা যায়৷ 


আৰু পঢ়কঃ পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling



‣ স্ট্ৰেচ (stress): স্ট্ৰেচত আক্ৰান্ত ব্যক্তি বিভিন্ন ৰোগত ভুগিব পাৰে৷  শৰীৰৰ চৰ্বি বৃদ্ধিও ইয়াৰ ভিতৰত অন্যতম। স্ট্ৰেচে ৰক্তত কৰ্টিচল হৰমনৰ (cortisol hormone) মাত্ৰা উচ্চহাৰত বৃদ্ধি কৰে৷ কৰ্টিচলে শৰীৰত চৰ্বিৰ স্তৰ বঢ়াব পাৰে, যাৰ ফলত চৰ্বি কোষসমূহ  ডাঙৰ হব ধৰে৷ সাধাৰণতে, এনে স্হিতিত চৰ্বি পেটৰ আশেপাশেই বৃদ্ধি হব ধৰে৷



‣ অন্যান্য ৰোগ (Other sicknesses): কিছুমান ৰোগ এনে হয় যি ওজন বৃদ্ধিৰ কাৰন হৈ পৰে৷ ইয়াৰ ভিতৰত কিডনীৰ সমস্যা, থাইৰয়ড আৰু  হৃদৰোগৰ ফলত স্থূলত্ব বা মেদবহুলতা আৰম্ভ হয়।


মাংসপেশী শিথিলকৰণ (Muscle loosening): পেটৰ চাৰিওপাশে থকা পেশীসমূহ যেতিয়া ঢিলা হব আৰম্ভ কৰে তেতিয়া সেই স্হানত চৰ্বি বৃদ্ধি হোৱা আৰম্ভ হয়। অৱশ্যে এই সম্পৰ্কে সঠিক কোনো গৱেষণা পোৱা নাযায়৷ 


‣ একে স্থানতে বহা আৰু কাম কৰা অভ্যাস (Habit of sitting and working): আধুনিকতাৰ এই যুগত জীৱনশৈলী অতি সহজ হৈ পৰিছে যাৰফলত কিছুমান শাৰীৰিক ক্ৰিয়াকলাপ প্ৰায়ে বন্ধ হৈ পৰিছে। বহুলোকেই অফিচত বা ঘৰতে বহি কামকাজ কৰা দেখা পোৱা যায়৷ বহুতেই ব্যায়াম কৰা নতুবা খোজকঢ়াৰ পৰিবৰ্তে, টিভি চোৱা বা কম্পিউটাৰৰ কাম কৰা পছন্দ কৰে।  ফলস্বৰূপ শাৰীৰিক গতিশীলতাৰ অভাৱত ফেট বাৰ্ণ(fat burn) নহয়, আৰু শৰীৰৰ ফ্যাট স্তৰ বৃদ্ধি হয়।


‣ কম প্ৰটিন আৰু অত্যাধিক কাৰ্বস (Less protein and more carbs)

আমি দিনটোত কি কি যে নাখাও৷ কেতিয়াবা কেতিয়াবা কামৰ হেঁচা নতুবা স্ট্ৰেচৰ ফলত প্ৰয়োজনতকৈ বেচিকৈ খোৱা হয় আৰু পুষ্টিগত মানৰ ওপৰত গুৰুত্ব দিব নিবিচাৰো৷ শৰীৰত স্বাদৰ ওপৰত অধিক আকৰ্ষিত হৈ প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ ওপৰত মনোযোগ দিব নিবিচাৰো৷ তদুপৰি একেটা স্থানতে বহি কাম কৰি থকাৰ বাবেও চৰ্বি কঁকাল বা পেটৰ আশেপাশে বাঢ়িব ধৰে৷ এই কাৰণে উচ্চ প্ৰটিন আৰু কম কাৰ্বোহাইড্ৰেট ডায়েট ওজন কমোৱাত উপকাৰী হিচাবে বিবেচিত হয়।


পেটৰ মেদ কমাবলৈ কি খাব কি নাখাব? What foods help burn belly fat?


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

belly fat loss diet


যদি খাদ্যৰ ভাৰসাম্য নাথাকে তেন্তে আপুনি যিমান অনুশীলন বা যোগ নকৰক, পেটৰ মেদ(loss belly fat) কমোৱাৰ ব্যৱস্থা কাৰ্যকৰ নহয়।  এই কাৰণে, আঁহক জানো পেট বা কঁকালৰ মেদ (loss belly fat) কমাবলৈ কি খাব বা কি নাখাব৷ 


স্যুপ (soup) - যদি আপনি পেটৰ মেদ হ্ৰাস (loss belly fat) কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ ডায়েটত স্যুপ অন্তৰ্ভুক্ত কৰিব পাৰে।  বিশেষকৈ, ৰাতি স্যুপ গ্ৰহণে ওজন হ্ৰাস কৰাত সাহায্য কৰিব পাৰে। ইয়াত নিম্ন কেলৰি থাকে  যাৰ কাৰণে ফেট নাবাঢ়ে।


‣  ফল(fruits) - পেটৰ মেদ হ্ৰাস(loss belly fat) কৰাৰ ক্ষেত্ৰত ফলমূল অন্তৰ্ভুক্ত কৰক।  ফলসমূহে ওজন নিয়ন্ত্ৰণ লগতে দেহত প্ৰয়োজনীয় পুষ্টি সৰবৰাহত সহায়তা কৰে।  ফলৰ মাজত উপস্থিত ফাইবাৰে ফেট বা মেদ হ্ৰাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে আপোনাৰ নিয়মিত খাদপ্ৰনালীত ফলমূল অন্তৰ্ভুক্ত কৰা উচিত৷


শাকপাচলি (vegetables) - পেটৰ চৰ্বি কিদৰে হ্ৰাস কৰিব, (How do I reduce my belly fat in assamese)যদি এই প্ৰশ্নটোৰ সুদত্তৰ আপুনি পোৱা নাই তেন্তে প্ৰতিদিনৰ ডায়েটত প্ৰচুৰ পৰিমাণে শাকসব্জীসমূহক অন্তৰ্ভূক্ত কৰক৷ এই শাকপাচলি সমূহে শৰীৰক সুস্থ ৰখাৰ লগতে চৰ্বি কমোৱাতো সহায়তা কৰিব পাৰে, কাৰণ এইসমূহত কেলৰি কম থাকে।


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese


গোটা শস্য (Whole Grains)- গোটা খাদ্যশস্যক খাদ্যতালিকাত স্থান দিয়ক, যেনে বুটমগু চানা ইত্যাদি৷ এই শস্যসমূহত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি অতিৰিক্ত ফেট হ্ৰাস কৰাৰ বাবে প্ৰমাণিত।


‣ বাদামজাতীয় খাদ্য (Nuts)- বাদাম, কাজু আৰু আখৰোট বাদামেও ওজন হ্ৰাস কৰাত সহায়তা কৰে।  কথিত আছে যে দীৰ্ঘ সময় ধৰি সীমিত পৰিমাণে শুকান ফল(dry fruits) খালে শৰীৰক শক্তিশালী কৰি ৰাখাব পৰা যায় আৰু  বাৰে বাৰে খোৱাৰ আকাঙ্ক্ষাকো নিয়ন্ত্ৰণ কৰিব পৰা যায়


বীনজাতীয় খাদ্য (Beans)- পেট কমোৱাত ঘৰুৱা উপায় হিচাবে বীনজাতীয় শস্য অন্তৰ্ভুক্ত কৰিব পাৰে৷  সেউজীয়া মটৰশুটি বা মচুৰ দাইলসমূহে ওজন হ্ৰাসত সহায়তা কৰিব পাৰে।  এইসমূহ ফাইবাৰ সমৃদ্ধ আৰু ফাইবাৰে  ক্ষুধা হ্ৰাস আৰু বাৰে বাৰে খোৱাৰ ইচ্ছা নিয়ন্ত্ৰণ কৰি ওজন হ্ৰাস কৰাত সহায়তা কৰে।


সৰ নথকা গাখীৰ অন্যান্য দুগ্ধজাত পণ্য (Fat Free Milk and Other Dairy Products)- আপুনি যদি গাখীৰ পান কৰি ভাল পায় তেন্তে চৰ্বিবিহীন গাখীৰ সেৱন কৰক, ই পেট হ্ৰাস কৰাৰ অন্যতম ঘৰুৱা উপায় হব পাৰে।  এটি সমীক্ষাত দেখা গৈছে যে চৰ্বিবিহীন গাখীৰ আৰু অন্যান্য দুগ্ধজাত পণ্যসমূহে পেটৰ মেদ হ্ৰাস (loss belly fat) কৰাত সহায় কৰে।


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

দ্ৰবণীয় ফাইবাৰ (Soluble fiber)- পেটেৰ মেদ কমোৱাত দ্ৰৱণীয় ফাইবাৰ এটি দুৰ্দান্ত উপায়। ইয়াৰ গ্ৰহণে ক্ষুধা হ্ৰাস কৰে, যি বাৰে বাৰে খাই থকাৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিব পাৰে।  এইদৰে বৰ্ধমান ওজন নিয়ন্ত্ৰণ কৰিব পৰা যায়।


উচ্চ প্ৰটিন খাদ্য (High Protein Food) - পেটেৰ চৰ্বি কিদৰে হ্ৰাস কৰিব পৰা যায় (How do I reduce my belly fat in assamese) সেই প্ৰশ্নৰ সুদত্তৰটি হল উচ্চ প্ৰোটিনযুক্ত খাদ্য গ্ৰহন।  প্ৰোটিন সমৃদ্ধ খাদ্যই ওজন হ্ৰাস কৰাত সহায়তা কৰে।  প্ৰটিন সমৃদ্ধ খাদ্যৰ মাজত আছে ওটচ, চিয়া বীজ, মচুৰ,এভোকাডো, চয়া গাখীৰ ইত্যাদি৷


এইসমূহৰ পৰা দূৰত্ব ৰাখকঃ



চেনিযুক্ত আৰু  ৰেডিমেড পেকেজড খাদ্যৰ পৰা আঁতৰি থাকক।


স্টাৰ্চি খাদ্য (starchy food) যেনে: চাউল, নুডলস, পাস্তা আৰু ৰুটি পৰিবৰ্তে ব্ৰাউন ৰাইচ আৰু ব্ৰাউন ব্ৰেড, ৰঙা আটাৰ ৰুটি খোৱা উচিত।


ধপাত, এলকোহল আৰু চিগাৰেট এৰা উচিত।



পেটৰ মেদ কমোৱাৰ বাবে ডায়েট চাৰ্ট - Sample Diet Chart to lose belly fat in assamese


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

ৰাতিপুৱা উঠক সোনকালে (6:30 ৰপৰা 7:30 ভিতৰত) 


দুই গ্লাচ কুহুমীয়া পানী পান কৰক যাতে পেট পৰিষ্কাৰ হয়। শৌচ প্ৰস্ৰাৱ অপসাৰণ কৰা পিছত, এক গ্লাচ কুহুমীয়া পানীত নেমু মিহলাই খাওক৷ যিসকলৰ ডায়েবেটিছ আছে, তেওঁলোকে নেমুত চিনি যোগ নকৰিব আৰু যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে নিমখ মিহলাই নাখাব।  বৈজ্ঞানিক গবেষণা প্ৰমাণ কৰিছে যে নেমু পানী পান কৰিলে ওজন হ্ৰাস কৰিব পৰা যায়৷ 


ব্ৰেকফাষ্টৰ আগেয়ে (ৰাতিপুৱা 7:30 ৰপৰা 8:00 ৰ ভিতৰত)


ব্ৰেকফাষ্টৰ 15 মিনিট আগেয়ে প্ৰায় 5-6 বাদাম খাওক।  এই বাদামসমূহক গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু ৰাতিপুৱা বাকলি আঁতৰাই খাওক৷ বাদামে  শৰীৰত প্ৰয়োজনীয় পুষ্টি সৰবৰাহ কৰে।  বাদামত ফাইবাৰ থাকে যি ক্ষুধা প্ৰশমিত কৰিব পাৰে।



ব্ৰেকফাষ্টত (8:15 ৰপৰা 8:45 ৰ ভিতৰত)


কম ফেটযুক্ত দৈ দি ৰুটি খাব পাৰে৷ 

নতুবা এটি দুটা  ব্ৰাউন ব্ৰেড খাব পাৰে৷ লগত দুটি বাদামী ৰুটি খাব পাৰে, যাৰ লগত আপুনি পিনাট(peanut butter) মাখন খাব পাৰে। 

ইয়াৰ পৰিবৰ্তেও আপুনি এক বাটি অটচ্‌(oats) খাব পাৰে। লগতে  প্ৰটিন সমৃদ্ধ ডায়েট খাব পাৰে।



ব্ৰেকফাষ্টৰ পিছত (10:00 ৰপৰা 10:30 ৰ ভিতৰত)


ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছত 10বজাৰ আশেপাশে যি কোনো ধৰনৰ ফল খাব বা বিভিন্ন ফলৰ মিশ্ৰিত চালাদ খাব পাৰে৷


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

মধ্যাহ্নভোজন (দুপুৰীয়া 1:00 ৰপৰা 1:30 ভিতৰত)


দুপৰীয়া আহাৰ গ্ৰহনৰ আগে চালাদ খাওক৷ চালাদ খালে শৰীৰে অতিৰিক্ত ফাইবাৰ লাভ কৰে৷ ইয়াৰউপৰি, আপুনি এটা বা দুটা ৰুটি খাব পাৰে আৰু শাক পাচলিসমূহ মিশ্ৰিত আঞ্জা খাবপাৰে৷ যদি নন-ভেজ(non-veg) খায় তেন্তে আপুনি এক টুকুৰা মাছ খাব পাৰে।



সন্ধ্যা সময়ত ( 4:00 सৰপৰা 4:30 ভিতৰত)



ৰাতিৰ খাদ্যৰ আগে, প্ৰায়ে 4.30 মান বজাত এটা ফল নতুবা এক গিলাচ সৰবিহীন গাখীৰ খাব পাৰে৷ 

ইয়াৰ উপৰি, গ্ৰীন টি বা নাৰিকল পানীও পান কৰিব পাৰে।



ৰাতিৰ আহাৰ ( 7:00 ৰপৰা 7:30 ৰ ভিতৰত)


ৰাতেৰ আহাৰ সোনকালে অৰ্থাৎ 7 ৰপৰা 7.30 বজাত গ্ৰহন কৰক৷ লগতে ৰাতিৰ আহাৰ পাতল হোৱা উচিত। ৰাতিৰ আহাৰ মাখন অবিহনে ভেজ বা চিকেন স্যুপ (veg or chicken shoup) খাব পাৰে৷ ইয়াৰ উপৰি, চবজি এখনৰ সৈতে এটা বা দুটি ৰুটি খাব পাৰে।


পেট আৰু কঁকালৰ চৰ্বি কমোৱাৰ কেইটিমান টিপচ- Tips to lose belly fat - in assamese



পেট আৰু কঁকালৰ মেদ বা চৰ্বি কমোৱাৰ বাবে ডায়েট অনুসৰন কৰাৰ লগতে কিছুমান লাগতিয়াল কথা মন দিয়া উচিত৷ তেতিয়াহে পেট কমোৱাত ফলপ্ৰসূ সম্ভাৱনা থাকে৷ আঁহক এই বিষয়ে জানো-



সন্ত্তোলিত পৰিমাণে খাওক: দিনটোত যদি তিনিবাৰ ভোকত প্ৰয়োজনতকৈ অধিক খায় তেন্তে কিদৰে আপোনাৰ পেট কমিব ভাবকচোন! সেইবাবে এয়া জৰুৰী হৈ পৰে যে তিনিবাৰৰ অধিক অলপ অলপ পৰিমাণে আহাৰ গ্ৰহন কৰিব লাগে৷ তেতিয়াহে আপোনাৰ পেট হ্ৰাস পাব।  ইয়াৰ ফলত, পাচনৰ ক্ষেত্ৰতো ভাল হয় আৰু শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ সুবিধা নাপায়৷ 


পানী পান কৰক: গোটেইদিন আঠ-দহ গ্লাচ পানী পান কৰা স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ।  তৃষ্ণাৰ্ত হলে বা ডিঙি শুকায় গলেহে কেৱল পানী পান কৰা উচিত নহয়।  প্ৰতিটো নিৰ্ধাৰিত সময়ত সামান্য পানী পান কৰা উচিত। পানী খোৱাৰ ফলত অতিৰিক্ত খোৱাৰ অভ্যাস হ্ৰাস কৰিব পৰা যায়। সেই কাৰণে, পানী পান কৰা পেট হ্ৰাস কৰাৰ অন্যতম এটি ঘৰুৱা প্ৰতিকাৰ হিচাবে বিবেচিত হয়।


আৰু পঢ়ক: আয়ুৰ্বেদ মতে ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ?


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

ব্ৰেকফাষ্ট পাহৰি নাযাব: যিমান প্ৰয়োজন শ্বাস লোৱা, সিমানেই প্ৰয়োজনীয় ব্ৰেকফাষ্ট কৰা।  কিছু লোকে ভাবে যে ব্ৰেকফাষ্ট নকৰিলে উজন কম হয়, বৰঞ্চ তেনে নহয়৷ ইয়াৰ বিপৰীতে,  ব্ৰেকফাষ্ট নাখালেহে ক্ষুধা বা ভোক বাঢ়ে আৰু আমি প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহন কৰো৷ ফলত,  ওজন বৃদ্ধিৰ সমস্যা হয়। সেই কাৰণে, পেট কমোৱাত ব্ৰেকফাষ্ট কৰাতো অতি প্ৰয়োজনীয়৷


গ্ৰীণ টি : পেটৰ চৰ্বি কিদৰে হ্ৰাস কৰা যায় সে সম্পৰ্কে আটাইতকৈ জনপ্ৰিয় ঘৰুৱা উপায় গ্ৰীন টি।  ইয়াৰ কেটচিন (Catechin) যৌগটি ওজন নিয়ন্ত্ৰণত সহায়ক হব পাৰে। গতিকে ওজন কমোৱাত, গোটেই দিনটোৰ ভিতৰত কমপক্ষেও এক বা দুই কাপ গ্ৰীন টি খাব পাৰে।  গবেষণাত স্পষ্ট হৈছে যে, অতিৰিক্ত কেফেইনৰ গ্ৰহণৰ ফলত কেটচিনৰদ্বাৰা  ওজন নিয়ন্ত্ৰণ প্ৰভাৱক বাধাগ্ৰস্ত হব পাৰে। গতিকে অন্য চাহ কফি গ্ৰহনৰ পৰিৱৰ্তে গ্ৰীন টি পান কৰক৷


আৰু পঢ়কঃ আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green tea


পটাচিয়াম সমৃদ্ধ আহাৰ: কল, এপ্ৰিকট আৰু কমলাত প্ৰচুৰ পৰিমাণে পটাচিয়াম পোৱা যায় যি ওজন হ্ৰাসত সহায়তা কৰিব পাৰে৷ গতিকে, প্ৰতিদিনৰ ডায়েটত পটাসিয়াম সমৃদ্ধ আহাৰ ৰাখক।


ফলমূল আৰু শাকসবজি: অলপ পৰিমাণে হলেও ফল আৰু শাকসবজি গোটেই দিনটোৰ ভিতৰত খোৱা উচিত। ই ক্ষুধা হ্ৰাস আৰু স্থূলত্ব হ্ৰাস কৰাত সাহায্য কৰে।


স্মুডি (Smoothie): সম্ভব হলে ফলৰ স্মুডি বা ৰসেৰে দিনটো আৰম্ভ কৰক৷   বিশেষকৈ তৰমুজ স্মুডি সেৱন কৰা  উচিত। তৰমুজত পৰ্যাপ্ত পৰিমাণে পানী আছে। ইয়াক খোৱাৰ পিছত, পেট পূৰ্ণ হৈ থাকে আৰু অন্য কিবা খোৱাৰ মন নহয়। 


পেট আৰু কঁকালৰ চৰ্বি -“ডায়েট চাৰ্ট” - কি খাব কি নাখাব? - how to lose belly fat? Diet chart- in assamese

সম্পূৰ্ণ টোপনি যাবলৈ চেষ্টা কৰক: কেৱলমাত্ৰ ব্যক্তি এজনে সম্পূৰ্ণ টোপনি মাৰিলেই পেটৰ মেদ হ্ৰাস কৰাৰ পদ্ধতিসমূহে কাৰ্যৰত হব৷ প্ৰত্যেকৰ বাবে সাতৰপৰা আঠ ঘন্টা টোপনি যোৱা উচিত।  কমকৈ টোপনি যোৱা বা বেছিকৈ টোপনি যোৱা দুইটাই ওজন বৃদ্ধিৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ। কোৱা হয় যে, আপুনি যদি ভালভাবে টোপনি যায় তেন্তে হজম ব্যৱস্থা ভালদৰে কাম কৰে আৰু খাদ্য হজমত সহায়তা কৰে।


দিনচৰ্যা পৰিবৰ্তন জৰুৰী: পেটৰ মেদকমোৱাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে নিজৰ দিনচৰ্যা পৰিবৰ্তন কৰা জৰুৰী।  গোটেইদিন বহি থকা নতুবা বাৰে বাৰে কিব নহয় কিবা খায় থকা এনেধৰনৰ অভ্যাস  পৰিবৰ্তন কৰা জৰুৰী৷



চেনিযুক্ত আৰু ডীপ ফ্ৰাই কৰা আহাৰৰপৰা  বিৰত থাকক: ব্যক্তি এজনে পেটৰ মেদ হ্ৰাস কৰাৰ যি কোনো উপায়ে গ্ৰহন নকৰক কিয়, তেওঁ চেনি আৰু গভীৰ তেলত ভজা খাদ্য গ্ৰহন কৰাৰ পৰা বিৰত থকা উচিত৷ অন্যথা, পেটৰ স্থূলত্ব বা মেদ হ্ৰাস কৰাৰ ব্যৱস্থাসমূহৰ প্ৰভাৱ কাৰ্যক্ষম নহব।



আশাঁ কৰো উপৰোক্ত ড্ৰেগন ফল(dragon fruit) ৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে জানি এই ফলৰ বিষয়ে জানিব পাৰিলে৷


লিখনিটো সম্পূৰ্ণকৈ পঢ়া বাবে ধন্যবাদ৷ লগতে মোৰ অন্য লিখনি পঢ়িবলৈ তললৈ scroll কৰক৷

এই লিখনিটো ইংৰাজীত পঢ়িব বিচাৰিলে ইয়াত ক্লিক কৰকRead this article in english




Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese