আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


✍🏻মুনমী ভট্টাচাৰ্য, Reiki Therapist, 

Watchapp- +91 84867 31180

Facebook - https://m.facebook.com/munmi.bhattacharya?tsid=0.822997864071852&source=result

আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিবলৈ অহৰ্নিশে যত্ন কৰোঁ ৷ কিন্তু কিছুমান নেতিবাচক ভাৱনাই আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় ৰুগীয়া কৰি তোলে ৷ তেনে এক কাৰক হৈছে - খং (anger) ৷    

আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


       খং ; জীৱনৰ অতিশয় মাৰাত্মক ব্যাধি ৷ ক্ৰোধে শৰীৰৰ অন্তঃক্ষৰা গ্ৰন্থিত বিক্ৰিয়া কৰি হ'ৰমনসমূহ সঠিকভাৱে নিৰ্দিষ্ট মাত্ৰাত নিঃসৰণ হোৱাত বাধা দিয়ে ৷ ফলত শৰীৰত বিভিন্ন ৰোগৰ জন্ম হয় ৷ লগতে জ্ঞান আৰু প্ৰাপ্তিৰ পথত হেঙাৰ হৈ পৰে ৷ আৰম্ভণিতেই খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পিচলৈ বহু অসুবিধাৰ সৃষ্টি কৰে ৷ সন্দেহ, ইগ', ঈৰ্ষা, ঘৃণা আদি কাৰকৰ বাবেই মূলতঃ খঙৰ উৎপত্তি হয় ৷ 


আলজেইমাৰ, টিউমাৰ, কোষ্ঠকাঠিন্য, হতাশা, বইল, জ্বলন, এচিডিটি, লিউকোৰিয়া, ছালৰ সমস্যা, ইনফেকচন, বদহজম, পেটৰ অসুখ, বুকু জ্বলা পোৰা কৰা ইত্যাদি বহু অসুখৰ ঘাই শিপা হৈছে খং ৷


         সাধাৰণতে খং উঠিলে মস্তিস্কত প্ৰচণ্ড চাপ পৰে আৰু একো চিন্তা কৰিব নোৱাৰা হয় ৷ তেতিয়াই ৰুদ্ৰমূৰ্তিৰে আমি সন্মুখত থকাবোৰক কাৰ্য নাইবা বাণীৰে থকাসৰকা কৰোঁ ৷ কিন্তু যিমান আঘাত আমি বেলেগক কৰি খঙৰ প্ৰকাশ কৰিব বিচাৰোঁ, দৰাচলতে সেই আঘাত আমি নিজকহে কৰোঁ আৰু নিজৰেই আত্মিক উত্তৰণৰ পথত বাধা হৈ পৰোঁ ৷ ইয়াৰউপৰি খঙৰ প্ৰভাৱ নিম্নোক্ত বিষয়সমূহতো পৰে-


আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


➡ খঙে সম্বন্ধবোৰ বেয়া কৰে ৷

➡ নিজৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, অৰ্থনৈতিক ক্ষতি কৰাৰ লগতে সন্তান আৰু সমাজৰো অপকাৰ কৰে ৷

➡ কেউদিশৰ বাতাৱৰণ প্ৰদূষিত কৰি তুলি সুখ, শান্তি ব্যাহত কৰে ৷

➡ যোগাযোগ, বাৰ্তালাপৰ সংযোগ ৰুদ্ধ কৰে ৷

➡ এচাম শোষক আৰু শোষণকাৰীৰ জন্ম দিয়ে ৷

       আচলতে আমিনো খং কিহৰ বাবে কৰোঁ, কাক কৰোঁ ? হিংসা, ঘৃণা কৰি আমি পামনো কি? পৰমাত্মা এজনেই, তেওঁৰ পৰা সৃষ্টি সকলো, তেওঁলৈকে উভটি যাব সকলো৷

         

খং উঠিলে দমনৰ বাবে কেইটামান উপায় তলত দিয়া হ'ল -


আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

(১) প্ৰচুৰ পানী সেৱন কৰক ৷ শৰীৰত পানীৰ পৰিমাণ সঠিক মাত্ৰাত থাকিলে মনটো স্থিৰ হৈ থাকে, যি আমাক সৃষ্টিশীল কৰি ৰাখে ৷ সৃজনীশীলতাৰে অনবৰতে ব্যস্ত হৈ থকাজনে ক্ৰোধান্বিত হোৱাৰ অৱকাশেই নাপায় ৷


(২) দৈনিক ধ্যান, প্ৰাণায়াম আদি কৰক ৷ প্ৰকৃতিৰ সংস্পৰ্শত খালী ভৰিৰে মাটিত কমেও দহ মিনিট খোজ কাঢ়ক ৷ ই মন - প্ৰাণ প্ৰাচুৰ্যৰে আৱৰি ৰখাত সহায় কৰে ৷


(৩) খং উঠাৰ লগে লগেই মই কাক খং কৰিছোঁ আৰু কিয় কৰিছোঁ, এই কথাটোত মই খং কৰা উচিত নে ; এই ভাব মনলৈ আনি তত্তমুহূৰ্তে খং প্ৰশমিত কৰিবলৈ চেষ্টা কৰক ৷


আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


(৪) নিতৌ বিশাল আকাশখনলৈ কিছু সময় চাই উপলব্ধিৰ চেষ্টা কৰক ৷ অনুভৱ কৰক সেই অসীম বিশালতাৰ উৎস, নিজকে বিলীন কৰি দিয়ক সেই মুক্ত বতাহজাকত৷ আশাবোৰৰ দুপাখি মেলি আকাশৰ বক্ষত আপোনাৰ কল্পনাবোৰৰ বাস্তৱ প্ৰতিফলন ঘটা লক্ষ্য কৰকচোন ৷ আপোনাৰ মন মানৱীয় প্ৰেমৰ কিৰণৰে উপচি পৰিব ৷


(৫) সাত্ত্বিক খাদ্যগ্ৰহণৰ প্ৰয়াস কৰক ৷ যি আভামণ্ডল শক্তিশালী কৰি তোলাত সহায় কৰে৷


(৬) সমালোচনা, অহৈতুক চিন্তা, অনাৱশ্যক বাৰ্তালাপ, ব্যংগাত্মক কটুক্তি আদিবোৰ এৰাই চলি জ্ঞানৰ সাধনাত নিমজ্জিত হৈ পৰিলে অস্থিৰতাক নিয়ন্ত্ৰিত কৰিব পাৰি ৷


(৭) ভগৱত্ প্ৰেমৰে নিজক পৰিৱেষ্টিত কৰি ৰাখি যিমান পাৰি সজ কৰ্ম কৰি যাব লাগে, তেতিয়া পৰমব্ৰহ্মৰ সৈতে সংযোজিত হৈ আৰোগ্য হৈ থাকিব পৰা যায় ৷


        খং নামৰ নঞৰ্থক আৱেগৰ পৰা মুক্ত হৈ নিজক সম্পূৰ্ণ সুস্থ ৰাখি প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে ৰেইকি থেৰাপিৰ প্ৰৱৰ্তক ড° মিকাও উচুইদেৱে এটা নীতিৰ প্ৰচলন কৰিছিল ৷ সেই নীতিটো হ'ল, "কেৱল মাত্ৰ আজিৰ বাবে মই খং নকৰোঁ" ৷ আহকচোন আমিও প্ৰত্যেকদিনা প্ৰভাতী কিৰণৰ লগে লগে এই নীতি তিনিবাৰকৈ আওৰাই দিনটোত খং নকৰাৰ প্ৰতিশ্ৰুতিৰে শুভ আৰম্ভণি কৰাৰ প্ৰচেষ্টা কৰোঁ ৷


খঙৰ পৰা পৰিত্ৰাণৰ বাবে কাউন্সেলিং, ৰেইকি থেৰাপি আদিৰ সহায় ল'ব পাৰে ৷


আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


যি আত্মবিশ্বাসী কৰি তোলাৰ লগতে সুপ্ত প্ৰতিভা বিকাশতো সহায় কৰে ৷ ৰেইকি চিকিৎসা নতুবা

থেৰাপিৰ বাবে মোক ৱাটচআপ কৰিব পাৰে-84867 31180 (আপুনালোকে ইচ্ছা কৰিলে প্ৰশিক্ষণো লব পাৰিব)


আশাঁ কৰো উপৰোক্ত খং বা anger সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 


*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- fitassam@gmail.com


Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga