লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

এজন ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  আমাৰ ৰক্তৰ প্লাজমাত শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকা(red blood cells) আৰু প্লেটলেট থাকে।  ৰক্তয়ে শৰীৰৰ টিস্যু আৰু হাওঁফাওঁলৈ অক্সিজেন আৰু পুষ্টি বহন কৰ। ইয়াৰ লগতে আঘাতপ্ৰাপ্ত হলে ৰক্তপাত ৰখাবলৈ, সংক্ৰমণৰ লগত যুঁজ দিবৰ বাবে এন্টিবডি তৈয়াৰ কৰা আৰু দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কাম কৰে।  ৰক্তত কম বা বেছি লোহিত ৰক্তকণিকা(red blood cells) উপস্থিত থাকিলে এজন ব্যক্তিৰ বহু সমস্যা হোৱা আৰম্ভ কৰে।  সাধাৰণতে মানুহে লোহিত ৰক্ত ​​কণিকাৰ ক্ষয়জনিত সমস্যাৰ সন্মুখীন হয় কিন্ত্ত কিছু উপায়ৰ সাহায্যত এই সমস্যাৰ পৰা বাচিব পৰা যায়।  


এই নিবন্ধটিত আপুনি জানিব যে লোহিত ৰক্তকণিকা(red blood cells) কি আৰু কিভাবে লোহিত ৰক্তকণিকা(red blood cells) বৃদ্ধি কৰিব পৰা যায়। ইয়াৰ লগতে, ৰক্তত লোহিত ৰক্ত ​​কণিকাৰ অভাৱজনিত লক্ষণ, লোহিত ৰক্ত ​​কণিকা অধিক হলে লক্ষণ, লোহিত ৰক্তকণিকা(red blood cells) গণনা আৰু লোহিত ৰক্তকণিকা(red blood cells) কিদৰে বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে  বিশদভাবে ব্যাখ্যা কৰাৰ চেষ্টা কৰা হৈছে।


Highlights


  • লোহিত ৰক্তকণিকা (red blood cells) কি? What is red blood cell?-in assamese 
  • লোহিত ৰক্তকণিকা (red blood cells)ৰ গণনা - Low red blood cell count What does it mean- in assamese

  • লোহিত ৰক্তকণিকা(red blood cells) হ্ৰাস হোৱা কাৰন- why red blood cells low? - In assamese

  • কিদৰে লোহিত ৰক্ত কনিকা বৃদ্ধি কৰিব পাৰি- how to increase rbc count?- in Assamese

  • জীৱনশৈলী- Lifestyle


লোহিত ৰক্তকণিকা (red blood cells) কি? What is red blood cell?-in assamese 


ৰক্তত উপস্থিত বিশেষ ধৰণৰ কোষসমূহক লোহিত ৰক্তকণিকা(red blood cells) বোলা হয়।  আপোনাৰ হাড়ৰ অভ্যন্তৰৰ অস্থি মজ্জা লোহিত ৰক্তকণিকা(red blood cells)ৰে গঠিত হয়।  এই কোষসমূহ গোলাকাৰ, কিন্ত্ত ইয়াৰ মধ্য অংশত সামান্য সোমাই থকা দৰে হয়।  ৰক্তত লোহিত ৰক্ত ​​কোষৰ সংখ্যা ব্যক্তিৰ বয়স অনুযায়ী কম বা বেছি হব পাৰে।  ব্যক্তিৰ বয়সৰ উপৰত নিৰ্ভৰ কৰি এই কোষসমূহৰ সংখ্যা স্বাভাৱিক সংখ্যাতকৈ কম নতুবা বেছি হয়, এই উভয় স্হিতিয়ে সমস্যা উৎপন্ন কৰিব পাৰে।  অক্সিজেন বহন আৰু কাৰ্বন ডাই অক্সাইড বাহিৰে লোহিত ৰক্ত ​​কোষসমূহে আৰু অনেক গুৰুত্বপূৰ্ণ কাম কৰে।  এই কোষসমূহ প্ৰায় 120 দিন বাচি থাকে, ইয়াৰ পিছত এই কোষসমূহ নষ্ট হৈ যায়।


লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

লোহিত ৰক্তকণিকা (red blood cells)ৰ গণনা - Low red blood cell count What does it mean- in assamese



লোহিত ৰক্ত ​​কণিকাৰ গণনা পুৰুষ ও মহিলাৰ মাজত বেলেগ বেলেগ।  পুৰুষৰ ৰক্ত সাধাৰণতে মাইক্ৰোলিটাৰ 47 পৰা 61 মিলিয়ন লোহিত ৰক্তকণিকা(red blood cells) থাকে।  আনহাতেদি এগৰাকী সাধাৰণ মহিলাৰ এই কোষৰ সংখ্যা প্ৰতি মাইক্ৰোলিটাৰ প্ৰায় 42 পৰা 54 লক্ষ প্ৰতি মাইক্ৰোলিটাৰ থাকে৷ শিশুৰ ক্ষেত্ৰত প্ৰায় 4-5 মিলিয়ন লোহিত ৰক্তকণিকা(red blood cells) থাকে।  এই গণনা প্ৰতিজন ব্যক্তিৰ বাবে  পৃথক পৃথক হব পাৰে।


লোহিত ৰক্তকণিকা(red blood cells) হ্ৰাস হোৱা কাৰন-why red blood cells low?- In assamese


‣ 
ৰক্তপাত অতিৰিক্ত হোৱা 
‣ অপুষ্টি 
‣ অস্থি মজ্জা কাৰ্য কৰিব নোৱাৰা
‣ গৰ্ভৱস্হা বা প্ৰেগনেণ্সী সময়ত
‣ শৰীৰত পানী পৰিমাণ অধিক হলে…


লোহিত ৰক্ত ​​কণিকাৰ স্বাভাৱিক সংখ্যাৰ অধিক হোৱা এজন ব্যক্তিৰ পক্ষে বিপদজনক আৰু এটি মাৰাত্মক অৱস্থাৰ কাৰণ হব পাৰে৷  ইয়াৰ নিম্নলিখিত কাৰন হব পাৰে- 


‣ কাৰ্ডিওভাচকুলাৰ ডিজিজ বা হৃদৰোগ
‣ অস্থি মজ্জা ৰোগ  
‣ ধূমপান কৰা 
‣ শৰীৰত পানীৰ অভাৱ ইত্যাদি ...


কিদৰে লোহিত ৰক্ত কনিকা বৃদ্ধি কৰিব পাৰি- how to increase rbc count?- in Assamese


আয়ৰন- Iron


লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

আয়ৰন এক এনে পুষ্টি যি সাধাৰণতে ৰক্তাল্পতা বা এনিমিয়া লগত যুক্ত থাকে।  আপোনাৰ শৰীৰত হিমগ্লোবিন তৈয়াৰি কৰাত আয়ৰন ব্যবহাৰ হয়।  হিমগ্লোবিনে লোহিত ৰক্তকণিকা(red blood cells)ত অক্সিজেন সঞ্চয় কৰে।  আয়ৰন অবিহনে লোহিত ৰক্তকণিকা(red blood cells) ধ্বংস হয় যাব পাৰে বা শৰীৰৰ বিভিন্ন অঙ্গত অক্সিজেন বহন কৰাত অক্ষম হব পাৰে। 


বিভিন্ন বয়স আৰু লিঙ্গ অনুযায়ী

প্ৰয়োজন হোৱা  (recommended daily intake-RDI) আয়ৰনৰ পৰিমাণ-


কেচুৱা (1-3 বয়স)  —  9 milligrams (mg)


শিশু  (4-8 বয়স) — 10mg


লৰা (9-13 বয়স)  — 8mg


লৰা (14-18 বয়স) — 11mg


কিশোৰী (9-13 বয়স) — 8mg


ছোৱলী (14-18 বয়স) — 15mg


পুৰুষ (adult) — 8mg


মহিলা (19-50 বয়স)  — 18mg


মহিলা (51 ওপৰৰ) — 8mg


গৰ্ভৱতী মহিলা (Pregnant women) — 27mg


কেচুৱাক গাখীৰ খোৱাই থকা তিৰোতা — 9-10mg


(উপৰোক্ত আয়ৰন গ্ৰহনৰ সৱিশেষ তালিকা উৎস; source-

https://www.healthdirect.gov.au/foods-high-in-iron)


আয়ৰন সমৃদ্ধ ডায়েট খালে আপোনাৰ দেহত লোহিত ৰক্ত ​​কোষৰ উৎপাদন বঢ়ায় তুলিব পাৰে।  আপোনাৰ ডায়েটৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণে আয়ৰন লাভ কৰিবলৈ সেউজীয়া শাকসব্জী যেনে - ৰাজমা,বীন,পালেং, টফু, সূৰ্য্যমূখী বীজ, ৰঙালাওৰ বীজ, কাজুবাদাম, আলমণ্ড বাদাম, অটচ্, ব্ৰাউন ৰাইচ, কিনোৱা(quenua), মূৰ্গীৰ লিভাৰ, মটৰগুটি, বীট, ব্ৰকলি আৰু কনীৰ কুহুম অন্তৰ্ভুক্ত কৰা উচিত।


ভিটামিন বি 12 -Vitamin B12


লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

মস্তিষ্কৰ কাৰ্যকলাপ আৰু লোহিত ৰক্তকণিকা(red blood cells) তৈয়াৰ কৰা বাবে ভিটামিন বি 12 গুৰুত্বপূৰ্ণ।  দেহত ভিটামিন বি 12 ৰ অভাৱে লোহিত ৰক্তকণিকা(red blood cells) পূৰ্ণ হোৱাত বাধা দিয়ে।  এই অভাৱত লোহিত ৰক্ত ​​কোষক (red blood cells) অস্বাভাৱিক কৰি তোলে, যাক megaloblasts আৰু megaloblastic anemia বুলি কোৱা হয়।  ভিটামিন বি 12 গ্ৰহণৰ বাবে, আপনাৰ আপনাৰ ডায়েটত
ৰঙা মাংস, লিভাৰ, চিকেন, মাছ, চলমন মাছ, টুনা মাছ, দুগ্ধজাত পণ্য যেনে গাখীৰ,পনীৰ আৰু দৈ ডিম ইত্যাদি অন্তৰ্ভুক্ত কৰা উচিত৷



ভিটামিন বি 9- Vitamin B9


লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

ভিটামিন বি 9
ফলিক এচিড ((Folic Acid) আৰু ফোলেট (Folate) হিচাবেও পৰিচিত।  ভিটামিন বি 12 আৰু আয়ৰনৰ দৰে এই ভিটামিনো চিধাচিধি লোহিত ৰক্তকণিকা(red blood cells) গঠনৰ লগত  যুক্ত নহয়। কিন্ত্ত ই কোষ বিভাজন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি লোহিতো ৰক্তকণিকাৰ সংখ্যাক প্ৰভাৱিত কৰ।  এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতিদিনে 400 থক 600 মাইক্ৰোগ্ৰাম ফলিক এচিড গ্ৰহণ কৰা প্ৰয়োজন। ই মাল্টিভিটামিনতো উপস্থিত আছে।  যদি কোনো ব্যক্তি পৰ্যাপ্ত ফোলেট গ্ৰহণ নকৰে তেন্তে তেওঁৰ লোহিত ৰক্তকণিকা(red blood cells) সম্পূৰ্ণৰৃপে বিকশিত নহয়।  যাৰ কাৰণ ৰক্তাল্পতা বা এনিমিয়া আৰু হিমোগ্লোবিনৰ মাত্ৰা হ্ৰাস হোৱাৰ সম্ভাবনা বৃদ্ধি পায়।  ফোলেটে হিমোগ্লোবিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰ।  হিমোগ্লোবিনৰ এটি উপাদান “হিম - heme” তৈয়াৰ কৰাত ফোলেটৰ প্ৰয়োজন হয়, ৰক্তত ​​থকা অক্সিজেন হিমৰ (heme) মাধ্যমেৰে সকলো অঙ্গলৈ পৰিবাহিত যায়।  পৰ্যাপ্ত পৰিমাণে ফলিক এচিড গ্ৰহণৰ বাবে আপুনি আপোনাৰ ডায়েটত ফোলট সমৃদ্ধ উৎস যেনে - চাউল, শাকপাচলি,পালেং, বাদাম, চিনাবাদাম, মটৰগুটি, ব্ৰকলি, এভোকাডো, সূৰ্য্যমুখী বীজ, সাগৰীয় খাদ্য ইত্যাদি অন্তৰ্ভুক্ত কৰিব পাৰে।


ভিটামিন চি- Vitamin C


লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

ভিটামিন চি য়ে চিধাচিধি লোহিত ৰ​​ক্ত কোষক প্ৰভাবিত নকৰে,কিন্তু ইয়াৰ ফলত শৰীৰক আয়ৰন শোষণত সহায়তা হয়।  আয়ৰনে দেহৰ লোহিত ৰক্ত ​​কোষক বঢ়ায় তুলাত সহায়তা কৰে।  ডায়েটত পৰ্যাপ্ত ভিটামিন চি গ্ৰহন কৰক যেনে
কিৱী, স্ট্ৰবৰি, কমলা আৰু টেঙা ফল ভিটামিন চি সমৃদ্ধ উৎসসমূহ অন্তৰ্ভুক্ত কৰা উচিত। 


কপাৰ বা তাম- Copper



লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

ৰক্ত প্ৰবাহত উপস্থিতি আয়ৰন ব্যবহাৰৰ বাবে কপাৰ শৰীৰ এটি অপৰিহাৰ্য খনিজ হিচাবে বিবেচিত হয়।  শৰীৰত পৰ্যাপ্ত কপাৰ নাথাকিলে ৰক্তৰ কোষসমূহৰ পক্ষে বাচি থকাৰ বাবে প্ৰয়োজনীয় আয়ৰন শোষণ কৰা কঠিন হয় পৰে। পৰ্যাপ্ত তাম পাবলৈ আপোনাৰ ডায়েটত
কাজু বাদাম,লিভাৰ, আলু, কাঠফুলা, ডাৰ্ক চকলেট, ৰাজমা, তিল, দৈ, গাখীৰ, আপেল, এভকাড’, সূৰ্যমুখী বীজ আৰু দাইল যুক্ত কৰক। 


ভিটামিন এ-Vitamin A 


লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

ভিটামিন এ কপাৰৰ দৰে লোহিত ৰক্তকণিকা(red blood cells) বৃদ্ধিত কৰাত সহায়তা কৰে।  ভিটামিন এ-ক Retinol বুলিও কোৱা হয়। ই কোষসমূহ সুস্থ ৰখাত আৰু আয়ৰন শোষণত সহায়তা কৰ।  আপুনি ডায়েটত ভিটামিন এ সমৃদ্ধ ডায়েট যেনে
দুগ্ধজাত পণ্য, গাজৰ, বীট, আলু, ব্ৰকলি, মিঠা আলু, পালেং, ৰঙালাও,আম, বিলাহী, সেউজীয়া শাক,কনী ইত্যাদি অন্তৰ্ভুক্ত কৰি ভিটামিন এ ৰ ​​প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।



জীৱনশৈলী- Lifestyle



আপোনাৰ নিৰ্দিষ্ট কিছুমান ভাল অভ্যাস গ্ৰহণ কৰি আৰু বদ্ অভ্যাসমূহ দূৰ কৰিবলৈ যত্ন কৰক৷ লোহিত ৰক্তকণিকা(red blood cells) বৃদ্ধিৰ বাবে নিয়মিত অনুশীলন কৰক ৷ ব্যায়াম বা অনুশীলন প্ৰত্যেকেৰ পক্ষে উপকাৰী আৰু স্বাস্থ্যকৰ লোহিত ৰক্ত কোষ গঠনত ব্যায়ামক খুব গুৰুত্বপূৰ্ণ বুলি মনা হয়। দ্ৰুতভাৱে কৰা ব্যায়াম হৃদস্পন্দন গতিৰ বাবে উৎকৃষ্ট, যাৰ কাৰণে শৰীৰ আৰু মস্তিষ্কলৈ আৰু অক্সিজেনৰ প্ৰয়োজন হয়।  এই কাৰণে, হৃদয় দ্ৰুত ভাবে ধিপধিপনি আৰম্ভ হয় আৰু হাওঁফাওঁ গভীৰভাবে শ্বাস লোৱা আৰম্ভ  কৰে।


অক্সিজেনেৰ চাহিদা পূৰন কৰিবৰ বাবে দেহত লোহিত ৰক্তকণিকা(red blood cells) তৈয়াৰ কৰিবলৈ উদ্দীপ্ত হয়।  স্বাস্থ্যকৰ ডায়েট সহ নিয়মিত ব্যায়ামে হাড়ৰ মজ্জাত ৰক্তকণিকা গঠনত সহায়তা কৰে।  আপুনি আপোনাৰ অনুশীলনত দৌৰা, জগিং, চাইকেল চলোৱা, সাঁতোৰ আৰু এৰবিকচ অন্তৰ্ভুক্ত কৰিব পাৰে।



ধূমপান আৰু মদ্যপান নকৰিব : আপুনি যদি আপোনাৰ লোহিত ৰক্ত ​​কণিকা বৃদ্ধি কৰিব বিচাৰিছে তেন্তে আপুনি ধূমপান আৰু মদ্যপানৰ অভ্যাস পৰিত্যাগ কৰা উচিত৷  চিগাৰেট- ধূমপান আপোনাৰ দেহৰ ৰক্ত ​​প্ৰবাহক প্ৰভাবিত কৰে আৰু ই সমস্ত অঙ্গলৈ সঠিকভাবে অক্সিজেনৰ পোৱাত জটিলতা আহি পৰে। ইয়াৰ লগতে অস্থি মজ্জাত অক্সিজেনেৰ অভাৱ হব ধৰে৷ ইয়াৰউপৰি, এলকহল পান কৰিলে ৰক্ত ​​ঘন হোৱা আৰম্ভ হয় আৰু ৰক্তত অক্সিজেনৰ অভাৱ সৃষ্টি কৰে।  অতিৰিক্ত পৰিমাণে মদ্যপান কৰিলে লোহিত ৰক্তকণিকা(red blood cells) হ্ৰাস হয় আৰু পূৰ্ণৰৃপত  বিকাশ নকৰে।  



ৰক্ত লোৱা : যদি ডায়েট আৰু পৰিপূৰক গ্ৰহণ পিছতো যদি আপোনাৰ লোহিত ৰক্তকণিকা(red blood cells) গণনা কম হয়, তেন্তে চিকিৎসকে ৰক্ত ​লোৱা বিকল্পটিৰ বিষয়ে বিবেচনা কৰিব পাৰে৷



আশাঁ কৰো উপৰোক্ত লোহিত ৰক্ত কণিকা সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 


*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- fitassam@gmail.com




Popular Posts

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক - Kidney Stone in Assamese

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” - Benefits of Duportenga