শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids
শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা আছে৷ লগতে বাঢ়ি অহা শিশুৰ ভিটামিন আৰু মিনাৰেলৰ আৱশ্যকতা অতি জৰুৰী ৷ ইয়াৰ অভাৱত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাঘাত হয় ৷ যদি আপোনাৰ শিশুৰ খাদ্যপ্ৰনালীত কিছু আহাৰ দিবলৈ যত্ন কৰে তেন্তে আপোনাৰ শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় ৷ শিশুৰ খাদ্য আৰু পৰিপুষ্টি শিশুৰ আহাৰত উপলব্ধ ভিটামিন আৰু মিনাৰেলে শিশুৰ হাড়, মাংসপেশী, অন্যান্য অংগ নিৰ্মাণ কৰাত সহায়ক হয় তথা অনেক প্ৰকাৰৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰে ৷ যদি শিশুৰ বাঢ়ি অহা সময়ত প্ৰতিদিনেই সঠিক মাত্ৰাত ভিটামিন আৰু মিনাৰেল নাপায় তেন্তে শিশুৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখিন হব লগা হয় ৷ শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা বিষয়ে জানিবলৈ হলে ভিটামিন আৰু মিনাৰেলৰ প্ৰয়োজনীয় তথ্য জনাতো অতি দৰকাৰী ৷ বাঢ়ি অহা শিশুৰ আৱশ্যকীয় ভিটামিন A, B, C, D, E আৰু K ৷ আৰু আৱশ্যকীয় মিনাৰেল হল - কেলচিয়াম, আয়ৰন, আয়’ডিন, আৰু জিংক ৷ সাৱধানতাঃ যদি আপোনাৰ শিশুয়ে প্ৰতিদিনে কিছু প্ৰকাৰৰহে আহাৰ (restricted diet) গ্ৰহন কৰে তেন্তে , তেন্তে আপুনি সাৱধান হোৱাতো জৰুৰী ৷